/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/b543405b-c430-48ea-b5a7-e67ed3c5c354/khkkkj.jpg)
ডিজিটেল সংবাদ ,ধেমাজি: এখন স্বাৱলম্বী ধেমাজি গঢ়াৰ সংকল্পৰে বিগত বছৰৰ দৰে এইবছৰোও ধেমাজি জিলা প্ৰশাসনৰ উদ্যোগত আৰু কৃষি বিজ্ঞান কেন্দ্ৰ, ধেমাজিৰ সহযোগত অনুষ্ঠিত হব আত্মনিৰ্ভৰ ধেমাজি। অহা ১১, ১২ আৰু ১৩ জানুৱাৰীত তিনিদিনীয়াকৈ বিতৃস্ত কাৰ্যসূচীৰে ধেমাজি কাছাৰী ময়দানত অনুষ্ঠিত হব "আত্মনিৰ্ভৰ ধেমাজি" ৷
এই উপলক্ষে শনিবাৰে ধেমাজি আৱৰ্ত ভৱনত শিক্ষা মন্ত্ৰী ডাঃ ৰনোজ পেগুৱে সংবাদমেল সম্বোধন কৰে৷ কৃষক সকলক আধুনিক প্ৰযুক্তিৰ লগত পৰিচয় কৰাই দিয়া, ভাৰত চৰকাৰ তথা ৰাজ্য চৰকাৰৰ আঁচনি সমূহৰ সৈতে সংযোজিত কৰাই দিয়া আৰু কৃষিৰ উত্তৰণৰ কাৰনে যিসকল প্ৰতিষ্ঠান আছে সেই সমূহৰ সৈতে পোনপটীয়াকৈ পৰিচয় কৰাই দিয়াৰ উদ্দেশ্যে "আত্মনিৰ্ভৰ ধেমাজি"ৰ আয়োজন কৰা হৈছে বুলি মন্ত্ৰী গৰাকীয়ে সংবাদ মেলত অৱগত কৰে৷
তিনিদিনীয়া কাৰ্য্যসূচীৰ প্ৰথম দিনা আত্মনিৰ্ভৰ দ্বাৰ মুকলি মণ্ডপ উদ্ধোধনী অনুষ্ঠানত আত্মসহায়ক গোটৰ মণ্ডপ , প্ৰযুক্তি প্ৰদশৰ্নীৰ মণ্ডপ , ধেমাজিৰ খাদ্য মেলা আৰু কৃষকৰ মণ্ডপৰ লগতে উদ্ধোধনী অনুষ্ঠানত শাক-পাঁচলি ,ফল-মুল আৰু পৰম্পৰাগত পিঠা-পনা প্ৰতিযোগিতাও বিভিন্ন ধৰনৰ প্ৰদৰ্শনী অনুষ্ঠিত হ'ব ৷ থলুৱা কৃষক সকলে বিভিন্ন সময়ত কৰি অহা বিভিন্ন জাতৰ কৃষিজাত সামগ্ৰীৰ প্ৰকৃত মূল্য যাতে পায় ইয়াৰ প্ৰতি লক্ষ্যৰাখিও মাৰ্কেটিংৰো ব্যৱস্থা ৰখাৰ লগতে আটাইকেইটা দিনত গ্ৰাম্য অৰ্থনীতি টনকিয়াল কৰাৰ বাবে মহিলা সবলীকৰন ,অসমৰ গ্ৰাম্য জীৱিকা আন্দোলনত ‘অসম ৰাজ্যিক গ্ৰাম্য জীৱিকা অভিযান ৰ অধীনত CBO, SHGs,Vo,CLF ৰ সফলতা কাহিনী , কৃষি আৰু সংশ্লিষ্ট খণ্ডত নৱ উদ্যোগৰ সম্ভাৱনীয়তা, থলুৱা মীন পালন সমস্যা আৰু সম্ভাবনীয়তা আদি কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা চক্ৰ অনুষ্ঠিত হব ৷
ইফালে ১২ আৰু ১৩ জানুৱাৰীৰ দুয়োটা দিনৰ সাংস্কৃতিক অনুষ্ঠানতেই জনপ্ৰিয় কন্ঠ শিল্পী ভৃগু কাশ্যপ আৰু নীল আকাশৰ সংগীতানুষ্ঠান অনুষ্ঠিত হ'ব ৷ আত্মনিৰ্ভৰ ধেমাজি তিনিদিনীয়া কাৰ্য্যসূচীলৈ ধেমাজিবাসীৰ সহায় সহযোগিতা আৰু উপস্থিতি কামনা কৰিছে স্থানীয় বিধায়ক তথা শিক্ষা মন্ত্ৰী ডাঃ ৰনোজ পেগুৱে ৷ সংবাদমেলৰ অন্তত ধেমাজি উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া তথা কবি নবীন কামানে ৰচনা কৰা আত্মনিৰ্ভৰ ধেমাজি শীৰ্ষক গীতটি সংবাদমেলত মন্ত্ৰীয়ে মুকলি কৰে ৷ সংবামেলত ধেমাজি জিলা আয়ুক্ত তথা আত্মনিৰ্ভৰ ধেমাজি - ২৪ৰ উদযাপন সমিতিৰ সভাপতি অংকুৰ ভৰালী , জ্যেষ্ঠ বিজ্ঞানীও কৃষি বিজ্ঞান কেন্দ্ৰৰ মুৰব্বী তথা উদযাপন সমিতিৰ সম্পাদক ড° গুঞ্জন গগৈ আৰু ধেমাজি উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া নবীন কামানে উপস্থিত থাকে ৷
Also Read: বঢ়মপুৰত বনৰীয়া হাতীৰ সন্ত্ৰাস: বৰটোপত বাসগৃহ ভাঙি লণ্ডভণ্ড