''মোডী-মোডী, ইণ্ডিয়া-ইণ্ডিয়া'' শ্লোগানেৰে উত্তপ্ত সদন, ২ বজালৈ স্থগিত...

''মোডী-মোডী, ইণ্ডিয়া-ইণ্ডিয়া'' শ্লোগানেৰে উত্তপ্ত সদন, ২ বজালৈ স্থগিত...

ডিজিটেল ডেস্কঃ মণিপুৰৰ ঘটনাক লৈ উত্তাল সদন। বিগত কেইবাদিনো ধৰি মণিপুৰক লৈ সদনত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈ আছে যাৰ বাবে সদন স্থগিত কৰিবলগীয়া হৈছে। বৃহস্পতিবাৰেও পুনৰ ২ বজালৈ স্থগিত কৰিলে সদনৰ কাম কাজ।

আজি বিৰোধীসকলে ক'লা পোছাক পিন্ধি সদনত উপস্থিত হৈছিল। প্ৰতিগৰাকী সাংসদক উপস্থিত থাকিবলৈ কংগ্ৰেছে হুইপ জাৰিও কৰে। কিন্তু আজিও সদনত বৰ বিশেষ একো আলোচনা নহ'ল।

ৰাজ্যসভাত বৈদেশিক নীতি সন্দৰ্ভত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰৰ বক্তব্যৰ সময়ত বিৰোধী সাংসদসকলে "প্ৰধানমন্ত্ৰী সদনলৈ আহক, সদনলৈ আহক" আদি শ্ল'গান দিবলৈ আৰম্ভ কৰে। তাৰ পাছত, বিজেপি সাংসদসকলে "মোডী, মোডী" শ্ল'গান দিয়ে আৰু ইয়াৰ সমান্তৰালভাৱে বিৰোধী দলে ইণ্ডিয়া ইণ্ডিয়া শ্লোগান দিবলৈ আৰম্ভ কৰে।

এই হুলুস্থুলীয়া পৰিৱেশৰ মাজতে ২ বজালৈ সদন স্থগিত কৰা হয়। উল্লেখ্য যে, বিৰোধীয়ে বুধবাৰে সদনত অনাস্থা প্ৰস্তাৱ দাখিল কৰিছিল। বিৰোধীয়ে মণিপুৰ সন্দৰ্ভত আলোচনা কৰিবলৈ বিচাৰি আছে। বিৰোধীয়ে দাবী কৰিছে যে মোডীয়ে মণিপুৰ সন্দৰ্ভত মন্তব্য কৰিব লাগে। কিন্তু শাসকীয় পক্ষই কৈছে যে, তেওঁলোক আলোচনা কৰিবলৈ সাজু। কিন্তু মোডী নহয়, অমিত শ্বাহে মণিপুৰৰ ওপৰত মন্তব্য কৰিব।

৩ মেৰ পৰা মণিপুৰত আৰম্ভ হোৱা গোষ্ঠীগত সংঘৰ্ষ শেষ হোৱা নাম লোৱা নাই। হত্যা ধৰ্ষণৰস্থলী হৈ পৰিছে মণিপুৰ। তেনেস্থলত সাংসদ সকলৰ এনে কাণ্ড একেবাৰেই গ্ৰহণযোগ্য নহয়। আলোচনাৰ সলনি সদনত কেৱল এতিয়া সাংসদৰ চিঞৰ বাখৰ।

''মোডী-মোডী, ইণ্ডিয়া-ইণ্ডিয়া'' শ্লোগানেৰে উত্তপ্ত সদন, ২ বজালৈ স্থগিত...
১২ বছৰীয়া কিশোৰীক বিয়া পাতি গ্ৰেপ্তাৰ জাকিৰ হুচেইন, উদ্ধাৰ এটি শিশুও

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in