/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/f12bbc51-b529-41e9-84e0-10d74cb60ba1/dffffd.jpg)
ডিজিটেল ডেস্কঃ বুধবাৰে নিশা হাইলাকান্দিত বাল্য বিবাহৰ বিৰুদ্ধে আৰক্ষীয়ে চলাই অভিযান। এই অভিযানত গ্রেপ্তাৰ জাকিৰ হুছেইন লস্কৰ নামৰ এজন লোক। হাইলাকান্দিৰ ভিচিংছাৰ পৰা গ্রেপ্তাৰ জাকিৰ হুছেইন লস্কৰক।
লগতে উদ্ধাৰ হয় এগৰাকী ১৫ বছৰীয়া কিশোৰী আৰু এটি শিশু। এক গোপন সূত্ৰৰ পম খেদি আৰক্ষীয়ে অভিযান চলাই লোকজনক তেওঁ ঘৰৰ পৰা গ্ৰেপ্তাৰ কৰিছিল।
জানিব পৰা মতে জাকিৰ হুচেইনে কিশোৰীগৰাকীক ১২ বছৰ বয়সত বিয়া পাতিছিল। এটি শিশুও আছে তেওঁলোকৰ। জাকিৰ হুচেইনৰ বিৰুদ্ধে ইতিমধ্যে আৰক্ষীয়ে ৰুজু কৰিছে গোচৰ। ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত।
Also Read: মণিপুৰক লৈ বিজেপিয়ে ভোট বেংকৰ ৰাজনীতি কৰি আছেঃ অখিলেখ যাদৱ