দিল্লী অভিমুখী বিমানত বোমা থকাৰ ভাবুকি, আৰক্ষীৰ তদন্তত পোহৰলৈ আহিল সকলো

দিল্লী অভিমুখী বিমানত বোমা থকাৰ ভাবুকি, আৰক্ষীৰ তদন্তত পোহৰলৈ আহিল সকলো

ডিজিটেল ডেস্কঃ দিল্লী ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ (আইজিআই বিমানবন্দৰ)ত চাঞ্চল্যকৰ ঘটনা। বিমান কৰ্তৃপক্ষলৈ এজন ব্যক্তিয়ে ফোন কৰি কয় যে. দৰভাঙ্গাৰ পৰা দিল্লীলৈ অহা স্পাইচ জেটৰ বিমানত এটা বোমা আছে।

পৰৱৰ্তী সময়ত আৰক্ষীৰ তদন্তত পোহৰলৈ আহে যে এইটো এটা ভুৱা ফোন কল আছিল। কোন ব্যক্তিয়ে ফোন কৰিছিল তেওঁৰ বিৰুদ্ধে আৰক্ষীয়ে অনুসন্ধান চলাই আছে। অৱশ্যে যাত্ৰীৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি আৰক্ষীয়ে সকলো প্ৰট'কলৰ পালন কৰে।

স্পাইচজেটৰ মুখপাত্ৰ অম্বৰীশ পাণ্ডে কয়, "বুধবাৰে স্পাইচজেটলৈ এটা ফোন আহিছিল। ফোন কৰা লোকজনে কৈছিল যে, দৰভাঙ্গাৰ পৰা দিল্লীলৈ যোৱা এছ জি ৮৯৪৬ বিমানত বোমা আছে। তাৰ পাছতে বিমানখন সন্ধিয়া ৬ বজাত দিল্লী বিমানবন্দৰত সুৰক্ষিতভাৱে অৱতৰণ কৰি নিৰ্জন স্থানলৈ লৈ যোৱা হৈছিল। সকলো যাত্ৰীক সুৰক্ষিতভাৱে বিমানৰ পৰা বাহিৰলৈ অনা হৈছিল। বৰ্তমান আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

দিল্লী অভিমুখী বিমানত বোমা থকাৰ ভাবুকি, আৰক্ষীৰ তদন্তত পোহৰলৈ আহিল সকলো
ৰঙিয়াত এপিএছচি উত্তীৰ্ণ মেধাৱী যুৱক-যুৱতীক সম্বৰ্ধনা বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in