/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/08ca64a4-b996-4d96-af7f-22fb13b86a96/delji.jpg)
ডিজিটেল ডেস্কঃ এটা মেইলযোগে কোনোৱে ভাবুকি প্ৰদান কৰে এখন বিদ্যালয়ত। বুধবাৰে পুৱা এটা ই-মেইল লাভ কৰাৰ পাছতেই বিদ্যালয় খনত চাঞ্চল্যৰ সৃষ্টি হয়। মেইলটোত কোৱা হৈছিল যে বিদ্যালয়ৰ চৌহদত বোমা আছে। এই ঘটনা সংঘটিত হৈছে দিল্লীৰ ইণ্ডিয়ান স্কুলত।
বিদ্যালয় প্ৰশাসনৰ ব্ৰিজেশ নামৰ এজন ব্যক্তিয়ে আৰক্ষীক এই বিষয়ে অৱগত কৰিছিল।তাৰ পাছতেই বোম্ব স্কোয়াডৰ অভিযান চলে যদিও কোনো ধৰণৰ আপত্তিজনক বস্তু লাভ কৰা নাই।
আৰক্ষীয়ে জনায় যে পুৱা ১০:৫০ বজাত বিদ্যালয়খনে ই-মেইলযোগে বোমাৰ ভাবুকি পাইছিল। তাৰ পাছতে সকলো শিক্ষাৰ্থীক স্থানান্তৰ কৰা হৈছিল। আৰক্ষীয়ে কয় যে এয়া এক ভুৱা ফোন হ'ব পাৰে। ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত আছে।
Also Read: মুখ্যমন্ত্ৰীৰ ভাল কথাবোৰ...