মুখ্যমন্ত্ৰীৰ ভাল কথাবোৰ...

মুখ্যমন্ত্ৰীৰ ভাল কথাবোৰ...

মৃদুল কুমাৰ সন্দিকৈ

ইমান দিনে এইবোৰ কথাই প্ৰতিজন সচেতন অসমীয়াই অনুভৱ কৰি আহিছিল। যিবোৰ কথা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মায়ো ক'বলৈ বাধ্য হ'ল। এয়া জাতিটোৰ বাবে,সংস্কৃতিৰ বাবে ভাবিবলগীয়া কথা।

১২ এপ্ৰিল, ২০২৩ ত কেইবাখনো বিহু সমিতিলৈ, বিহু অনুষ্ঠিত কৰিবলৈ চৰকাৰী সাহায্য বিতৰণ কৰিছিল মুখ্যমন্ত্ৰীয়ে। সেই সাহায্য বিতৰণ অনুষ্ঠানত অংশলৈ মুখ্যন্ত্ৰীয়ে কোৱা কথাবোৰ বিহুমেলা অনুষ্ঠিত কৰা আয়োজকসকলে বুজিলে, কাৰ্যতঃ মানি চলিলে সেয়া আমাৰ বাবে শুভদায়ক হ'ব।

বিহু পাতিবলৈ যাওঁতে সুৰা আৰু চান্দাৰ এক অপসংস্কৃতিয়ে বৰ বেয়াকৈ গা কৰি উঠিছে। আনকি বহু প্ৰতিষ্ঠিত গায়কক দেখা পোৱা যায় বিহু মঞ্চত গীত পৰিৱেশ কৰিবলৈ যোৱাৰ পূৰ্বেই সুৰাৰ ৰাগীত কি কৰে, কি নকৰে সেয়া নিজেই ক'ব নোৱাৰে।

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সেয়হে বিহু সমিতিসমূহক আহ্বান বা পৰামৰ্শ জনাইছে যে, মদ আৰু চান্দাৰ সৈতে বিহুক একাকাৰ কৰিব নালাগে। বিহুৰ সৈতে এই দুই অপ-সংস্কৃতিক জড়িত কৰা মানেই আমি সংস্কৃতিৰ নামত জাতিটোৰ ভৱিষ্যত বিপন্ন কৰিব পৰা অপসংস্কৃতি বোৰক প্ৰশ্চয় দিয়া।

মুখ্যমন্ত্ৰীয়ে লগতে আহ্বান জনাইছে সুৰাপান কৰি যাতে কোনো শিল্পীয়ে বিহু মঞ্চত অনুষ্ঠান পৰিৱেশন কৰিব নোৱাৰে তাৰ প্ৰতি আয়োজক, বিহুবলীয়া ৰাইজ সজাগ, সচেতন হৈ থাকিব লাগে। এনে এটা সংস্কৃতিও গা কৰি উঠিছে যে বিহু অনুষ্ঠান পৰিৱেশন কৰিবলৈ কিমান লাখটকীয়া শিল্পীক কোনে মাতিব পাৰিছে তাৰ প্ৰতিযোগিতা চলিছে এতিয়া।

সেই প্ৰতিযোগিতাৰ বাবেই বিহু মানেই সাংস্কৃতিক সন্ধিয়া আয়োজন কৰা মদ, মাংসৰ খানা পতা প্ৰৱণতাই নতুন প্ৰজন্মকো প্ৰভাম্বিত কৰিছে। মুখ্যমন্ত্ৰীৰ এই কথাবোৰৰ বাস্তৱ দৃষ্টিভংগী আছে।

এইবোৰ কথা আমাৰ বহু পুুৰোধা ব্যক্তিয়ে বহু দিনৰ পৰাই কৈ আছে। মুখ্যমন্ত্ৰীৰ এনে আহ্বান বিহু আয়োজকসকলে চৰকাৰী ধনৰ সাহায্য লৈ মানে, নামানে পাছৰ কথা। কিন্তু আমাৰ কৃষ্টি সংস্কৃতিক সঠিক ৰূপত নতুন প্ৰজন্মৰ সন্মুখত উপস্থাপন কৰিবলৈ এই কথাখিনিৰ গুৰুত্ব সদায় আছে আৰু থাকিব।

বিহুৰ ঐতিহ্য আৰু গৰিমা ৰক্ষা কৰাটো আমাৰ দায়িত্ব আৰু কৰ্তব্য। মুখ্যমন্ত্ৰীয়ে এই কথাও ঘোষণা কৰিছে যে, বিহু পাতিবলৈ হ'লে ব'হাগৰ ভিতৰতে সেই অনুষ্ঠান পাতিব লাগিব। ১ জেঠৰ পৰা কোনেও বিহু পাতিব নোৱাৰিব বুলিও যি সাহসী ঘোষণা কৰিছে। সেয়া কাৰ্যত ৰূপায়ণ হ'লে বিহুৰ নামত এচামে কৰিব খোজা বিহু কেন্দ্ৰিক ফকৰামিবোৰৰো অন্ত পৰিব।

বিহু আয়োজন কৰাৰ আঁৰত কিমান জাতীয় দায়বদ্ধতা আৰু বিহুৰ প্ৰতি আন্তৰিকতা আছে সেয়াও মন কৰিবলগীয়া। বিহুক বৰবিহ হ'বলৈ এৰি দিব নোৱাৰি। আপাতঃ দৃষ্টিত এই কথাখিনি কাৰোবাৰ ৰাজনৈতিক বক্তব্য যেন লাগিলেও ই এজন সঁচা অসমীয়াৰ সঠিক অনুভৱ।

একে সময়তে আমি বিভিন্ন কাৰণত মুখ্যমন্ত্ৰীগৰাকীক সমালোচনা কৰিব পাৰো, কিন্তু এই ইতিবাচক কথাখিনিক প্ৰতিজন অসমীয়াই গভীৰ ভাৱে হৃদয়ংগম কৰাটো অতিকৈ প্ৰয়োজনীয়। কোটি কোটি টকা খৰচ কৰি বিশ্ব ৰেকৰ্ডৰ বাবে মুখ্যমন্ত্ৰীয়ে আয়োজন কৰা অনুষ্ঠানতকৈ এই কথাখিনি মুখ্যমন্ত্ৰীৰ বাবে অতিকৈ মূল্যৱান।

এনে সঁচা আৰু আন্তৰিকতাপূৰ্ণ উপলব্ধিয়ে অসমীয়া জাতিক নতুন মাত্ৰা প্ৰদান কৰাৰ সুযোগ আনি দিব। কাঠফুলাৰ দৰে গঢ়লৈ উঠা বিহুমেলা বোৰে বিহুৰ স্বকীয়তা ৰক্ষাত কিমান সফল হৈছে তাৰো মূল্যায়ণ হ'ব লাগে।

চান্দাৰ আশাত মদ, মাংসৰ ভোজৰ তাগিদাত চুবুৰীয়ে চুবুৰীয়ে লগ হৈ বিহু পাতিলেই বিহু সুৰক্ষিত নহয়। তেনে মানসিকতাৰ পৰা মুক্ত কৰি নতুন প্ৰজন্মক বিহুৰ আচল স্বৰূপ উপলব্ধি কৰাৰ পৰিৱেশ গঢ়াৰ সময় এয়া। বিহুৰ জৰিয়তে মানুহৰ মাজত বিয়পি পৰা কলুষিত সময়ৰ বিভেদ, ঘৃণা, সাম্প্ৰদায়িকতাৰ চিন্তা আঁতৰ কৰাৰ সুযোগ এয়া।

সময়ৰ সৈতে বিহু পৰিৱৰ্তন হৈছে। সেয়া আমি স্বীকাৰ কৰিবই লাগিব। বিহু মঞ্চত উঠিছে তাক মানি ল'বই লাগিব। পৰিৱৰ্তনৰ সেই ধাৰাত যাতে বিহু বৰবিহ হৈ নপৰে তাৰ প্ৰতি আমি লক্ষ্য ৰাখিব লাগিব। মুখ্যমন্ত্ৰীৰ এই আহ্বান বিহু সমিতিসমূহে কেনেদৰে মানে সেয়া লক্ষ্যণীয় হ'ব।

কেৱল বিহু সমিতিয়েই নহয়, বিহুক সুৰক্ষিত কৰাৰ দায়িত্ব আমাৰো। প্ৰতিজন অসমীয়াই বিহুক বিকৃতকৰণৰ পৰা প্ৰতিৰোধ কৰাত ভূমিকা গ্ৰহণ কৰিব লাগিব। আমাৰ লোকাচাৰ, বিহুৰ সৈতে জড়িত লোক বিশ্বাস, সংস্কৃতি আমি মানি চলি বিহুক বিহু কৰি ধৰি ৰাখিব পাৰিব লাগিব।

বিহুৰ বতৰত মুখ্যমন্ত্ৰীৰ এই উপলব্ধি আৰু আহ্বান এক ইতিবাচক দৃষ্টিৰে গ্ৰহণ কৰি বিহুক শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰাৰ সংকল্প প্ৰতিজন অসমীয়াই লোৱাটো প্ৰয়োজন হৈ পৰিছে। কেতিয়াবা আমি বিৰোধিতা কৰাৰ সলনি ৰাজনৈতিক দৃষ্টিকোণৰ পৰা আঁতৰি আহি জাতীয় দৃষ্টি কোণেৰে কথাবোৰ ভাবিচাবলগীয়া হয়।

মুখ্যমন্ত্ৰীৰ ভাল কথাবোৰ...
গীনিজ আৰু অতীতৰ পাতত বিহু...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in