ৰাজধানী দিল্লীত পুনৰ বোমাৰ আতংক !

দিল্লী আৰক্ষীয়ে ই-মেইল আৰু বোমাৰ সন্দৰ্ভত অনুসন্ধান প্ৰক্ৰিয়া আৰম্ভ কৰিছে
ৰাজধানী দিল্লীত পুনৰ বোমাৰ আতংক !

ডিজিটেল ডেস্ক : বোমাৰ আতংকই লগ এৰা নাই দেশৰ ৰাজধানী দিল্লীক। বুধবাৰে আৰক্ষীৰ নিয়ন্ত্ৰণ কক্ষলৈ ই-মেইলত অহা বোমাৰ খবৰে আতংকিত কৰি তুলিছে দিল্লীবাসীক।

ই-মেইলত অহা ভাবুকি অনুসৰি বোমাৰে উৰুৱাই দিব দিল্লী আৰক্ষীৰ নিয়ন্ত্ৰণ কক্ষৰ নৰ্থ ব্লক ! এই ই-মেইল লাভ কৰাৰ পাছতে আতংকিত হৈ পৰিছে দিল্লীৰ জনতা।

ইতিমধ্যে দিল্লী আৰক্ষীয়ে ই-মেইল আৰু বোমাৰ সন্দৰ্ভত অনুসন্ধান প্ৰক্ৰিয়া আৰম্ভ কৰিছে। আনহাতে আৰক্ষীয়ে নিয়ন্ত্ৰণ কক্ষৰ চাৰিওফালে অগ্নিনিৰ্বাপক বাহিনীক সষ্টম হৈ থাকিবলৈ অনুৰোধ জনাইছে।

অৱশ্যে বাতৰি লিখা পৰলৈকে কোনো ঘটনা সন্দৰ্ভত সবিশেষ তথ্য লাভ কৰিব পৰা হোৱা নাই। এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে কিছুদিন পূৰ্বে দিল্লীৰ বিদ্যালয় তথা আন আন ৰাজহুৱা স্থান বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি আহিছিল।

ৰাজধানী দিল্লীত পুনৰ বোমাৰ আতংক !
অসম উশ্বু সন্থাৰ নগাঁও জিলাৰ সমিতি গঠন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in