/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/34715548-f0d3-457c-b974-e91bd5d6a182/282.jpg)
ডিজিটেল সংবাদ,কামপুৰ : অসম উশ্বু সন্থাৰ নগাঁও জিলাৰ সমিতিখন বুধবাৰে গঠন কৰা হয়। এই উপলক্ষে কামপুৰ মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ সভাত উপস্থিত থাকে অসম উশ্বূ সন্থাৰ সম্পাদক বিক্ৰম বড়ু আৰু সন্থাৰ পৰ্যবেক্ষক কুমুদ গগৈ।
নগাঁও জিলাৰ এই নৱনিৰ্বাচিত সমিতিখনৰ সভাপতি হিচাপে জয়ন্ত লস্কৰক নিৰ্বাচিত কৰা হয়। একেদৰে সম্পাদক হিচাপে বিপ্লৱ কুমাৰ শইকীয়া নিৰ্বাচিত হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/0712c77b-8801-43f8-84af-c3075781f604/f75b5d24-c1a6-49d4-a584-df5ba495c0aa.jpg)
ইয়াৰোপৰি সীমান্ত কুমাৰ শইকীয়াক কোষাধ্যক্ষ পদত নিৰ্বাচিত কৰা হয় । মুঠ ২১ জনীয়া নৱনিৰ্বাচিত সমিতিখন গঠন কৰাৰ পাছত অহা ২৫ মে,ৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে নগাঁও জিলাৰ কলিয়াবৰৰ হাতবৰত অনুষ্ঠিতব্য নগাঁও জিলাৰ উশ্বু প্ৰতিযোগিতাৰ কাৰ্যসূচীৰ ওপৰত আলোচনা কৰা হয়।
উক্ত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব বিচৰা প্ৰতিযোগীসকলে 9101438822 আৰু 7099914226 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে পৰিচালনা সমিতিয়ে।
/asomiyapratidin/media/agency_attachments/2025/10/29/2025-10-29t133617762z-ap-new-dfdfbdfbgfdgfgfgfgf-2025-10-29-19-06-18.png)
Follow Us