নিৰ্বাচনৰ মাজতে পশ্চিমবংগত অঘটন : ৰহস্যজনক অৱস্থাত উদ্ধাৰ বিজেপি কৰ্মীৰ মৃতদেহ

স্থানীয় লোকৰ প্ৰতিবাদ : হত্যাকাণ্ডক আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টা !

author-image
Asomiya Pratidin
New Update
বাংলাদেশৰ ৩২ সীমান্তৱৰ্তী জিলাত বন্ধ কৰি দিয়া হৈছে ম’বাইল সেৱা…

ডিজিটেল ডেস্ক: লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটদান পৰ্ব চলি থকাৰ মাজতে চুবুৰীয়া ৰাজ্য পশ্চিমবংগত সংঘটিত ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। শুকুৰবাৰে ৰাজ্যখনৰ পূব মেদিনীপুৰ জিলাৰ এগৰাকী যুৱকৰ মৃতদেহ উদ্ধাৰ হৈছে।

Advertisment

ৰহস্যজনক অৱস্থাত উদ্ধাৰ হোৱা মৃতদেহটো বিজেপি কৰ্মী দীনবন্ধু মিদ্যাৰ বুলি আৰক্ষীয়ে চিনাক্ত কৰে। পাণ ৰখা এটা গুদামত দীনবন্ধুৰ মৃতদেহটো ওলমি থকা অৱস্থাত উদ্ধাৰ হোৱাৰ কথা পোহৰলৈ আহিছে।

স্থানীয় লোকৰ ভাষ্য অনুসৰি ১৮বছৰীয়া বিজেপি কৰ্মী দীনবন্ধুক কোনোৱে হত্যা কৰি আত্মহত্যাৰ ৰূপ দিবলৈ চেষ্টা কৰিছে। আনকি এই ঘটনাকলৈ একাংশই প্ৰতিবাদ কৰি চৰকাৰবিৰোধী শ্ল’গানপৰ্যন্ত দিয়ে। এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে দুদিন ধৰি দীনবন্ধুৰ নাছিল কোনো সন্ধান।

মৃতদেহ উদ্ধাৰৰ পাছতে দীনবন্ধুৰ মাতৃয়ে কয় - "মোৰ পুত্ৰ বুধবাৰৰ পৰা সন্ধানহীন হৈ আছিল। আমাক টিএমচিৰ কেইজনমান সদস্যই ভাবুকি দিছিল। মই নিশ্চিত যে মোৰ পুত্ৰক তেওঁলোকে হত্যা কৰিছে।"

দুৰ্ভগীয়া মাতৃগৰাকীয়ে উক্ত ঘটনাৰ উচিত তদন্ত বিচাৰি চি বি আইৰ কাষ চপাৰ কথাও উল্লেখ কৰে।

Also Read: গোলাঘাটত ভয়ংকৰ অগ্নিকাণ্ডঃ এটা বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত

west bengal BJP worker crime West Bengal Police ELECTION 2024