গোলাঘাটত ভয়ংকৰ অগ্নিকাণ্ডঃ এটা বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত

গোলাঘাটত ভয়ংকৰ অগ্নিকাণ্ডঃ এটা বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত

ডিজিটেল সংবাদ, গোলাঘাটঃ গোলাঘাট নগৰৰ পূব আমোলাপট্টি অঞ্চলত শুকুৰবাৰে সন্ধিয়া প্ৰায় ৭বজাত সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড। এই অগ্নিকাণ্ডত এটা বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত হয়।

জানিব পৰা মতে পূব আমোলাপট্টি হামদৈ হোটেলৰ প্ৰায় সন্মুখত থকা স্বপ্নালী বৰাৰ বাসগৃহত জুই সূত্ৰপাত হয়। বাসগৃহটোত কোনো নথকাৰ বাবে নিমিষতে জুইৰ লেলিহান শিখাই আগুৰি ধৰে আৰু কেইবাটাও চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত বাসগৃহটো সম্পূৰ্ণ ৰূপে জুইত জাহ যায়।

জুইৰ উমান পাই ওচৰ চুবুৰীয়াই ততাতৈয়াকৈ অগ্নি নিৰ্বাপক বাহিনীক খবৰ দিয়াৰ লগতে জুই নিৰ্বাপিত কৰাৰ চেষ্টা কৰে যদিও ব্যৰ্থ হয়। পাছত অগ্নি নিৰ্বাপক বাহিনীৰ দল উপস্থিত হৈ জুই নিৰ্বাপিত কৰে যদিও বাসগৃহটোৰ এটাও সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম নহয়। অগ্নিকাণ্ডৰ সূত্ৰপাতৰ কাৰণ সেইয়া এতিয়াও পোহৰলৈ অহা নাই যদিও বিদ্যূতৰ স্বৰ্ত চাৰ্কিটৰ বাবে এই অগ্নিকাণ্ড সংঘটিত হোৱা বুলি স্থানীয় ৰাইজে সন্দেহ প্ৰকাশ কৰিছে।

গোলাঘাটত ভয়ংকৰ অগ্নিকাণ্ডঃ এটা বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাটশিঙিমাৰীত প্ৰিজাইডিং-পুলিং বিষয়াক অন্তিম পৰ্যায়ৰ প্ৰশিক্ষণ প্ৰদান...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in