মন্দিৰ দৰ্শন কৰি উভতাৰ পথতে নাও ডুবি ৪ জনৰ মৃত্যুঃ সন্ধানহীন মহিলা, শিশুসহ ৭ গৰাকী

ওৰিষ্যাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়কৰ শোক প্ৰকাশ
মন্দিৰ দৰ্শন কৰি উভতাৰ পথতে নাও ডুবি ৪ জনৰ মৃত্যুঃ সন্ধানহীন মহিলা, শিশুসহ ৭ গৰাকী
মন্দিৰ দৰ্শন কৰি উভতাৰ পথতে নাও ডুবি ৪ জনৰ মৃত্যুঃ সন্ধানহীন মহিলা, শিশুসহ ৭ গৰাকী

ডিজিটেল ডেস্কঃ ওৰিষ্যাত নাও ডুবি ৪ জনকৈ লোকৰ মৃত্যু হোৱাৰ লগতে চাৰিগৰাকী মহিলা আৰু ৩ শিশু সন্ধানহীন হৈ আছে। শুকুৰবাৰে সন্ধিয়া মহানদীৰ বুকত সংঘটিত হৈছে এই ঘটনা।

আৰক্ষীয়ে সংবাদ মাধম্যক জানিবলৈ দিয়া মতে শুকুৰবাৰে সন্ধিয়া ঝাৰচুগুড়া জিলাৰ ৰঙালীৰ চাৰ্দা ঘাট পাৰ হোৱাৰ সময়তে সংঘটিত হয় এই ঘটনা। এই ঘটনা সংঘটিত হোৱাৰ সময়ত নাওখনত আছিল ৫৮ জন যাত্ৰী।

ইয়াৰে বহুজনক স্থানীয় মাছমৰীয়াসকলে উদ্ধাৰ কৰে। কিছু লোকে নিজেই সাঁতুৰি পাৰলৈ আহিবলৈ সক্ষম হয়। কিন্তু তাৰ মাজতো ৪ জনৰ মৃত্যু হয়। এই চাৰিজনৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। এতিয়াও সন্ধানহীন হৈ আছে ৭ জন। এই ৭ জন লোকৰ ভিতৰত আছে ৪ গৰাকী মহিলা আৰু ৩ টা শিশু।

আৰক্ষীয়ে প্ৰকাশ কৰা মতে নাওখনৰ যাত্ৰীসকলে চুবুপীয়া বৰগড় জিলাৰ পাথাৰচেনি কুডাৰ এটা মন্দিৰ দৰ্শন কৰি নাওখনৰে উভতি অহাৰ সময়তে এই ঘটনা সংঘটিত হয়। সন্ধিয়া সংঘটিত হোৱা এই ঘটনাৰ পাছতেই উদ্ধাৰকাৰীক খবৰ দিয়া হৈছিল যদিও নিশাহে উদ্ধাৰকাৰী গৈ ঘটনাস্থলীত উপস্থিত হয়।

উদ্ধাৰকাৰীয়ে নিশা অভিযান চলাই কেইবাজনকো উদ্ধাৰ কৰিছে। শনিবাৰে পুৱাৰ পৰা পুনৰ সন্ধানহীনসকলৰ সন্ধানত অভিযান আৰম্ভ হৈছে। ওৰিষ্যাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়কে এই ঘটনাত শোক প্ৰকাশ কৰাৰ লগতে মৃতকৰ পৰিয়াললৈ ৪ লাখ টকাৰ আৰ্থিক ক্ষতিপূৰণ ঘোষণা কৰিছে।

মন্দিৰ দৰ্শন কৰি উভতাৰ পথতে নাও ডুবি ৪ জনৰ মৃত্যুঃ সন্ধানহীন মহিলা, শিশুসহ ৭ গৰাকী
৯১.২ শতাংশ উত্তীৰ্ণৰে শীৰ্ষত ছিৰাং, ৬০ শতাংশ উত্তীৰ্ণৰে সৰ্বনিম্নত ওদালগুৰি...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in