৯১.২ শতাংশ উত্তীৰ্ণৰে শীৰ্ষত ছিৰাং, ৬০ শতাংশ উত্তীৰ্ণৰে সৰ্বনিম্নত ওদালগুৰি...

৯১.২ শতাংশ উত্তীৰ্ণৰে শীৰ্ষত ছিৰাং, ৬০ শতাংশ উত্তীৰ্ণৰে সৰ্বনিম্নত ওদালগুৰি...

ডিজিটেল ডেস্কঃ এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণৰ হাৰ সবাতোকৈ বেছি আছে ছিৰাং জিলাত। জিলাখনত ৯১.২ শতাংশ ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হৈছে মেট্ৰিক পৰীক্ষাত। জিলা পৰ্যায়ত দ্বিতীয় স্থানত আছে নলবাৰী(৮৮.১ শতাংশ), তৃতীয় স্থানত আছে ডিমা হাচাও ( ৮৭.৩ শতাংশ), চতুৰ্থ স্থানত আছে বাক্সা (৮৬.৯ শতাংশ), পঞ্চম স্থানত আছে শিৱসাগৰ (৮৫.১ শতাংশ)।

আনহাতে ৬০ শতাংশ উত্তীৰ্ণৰে সৰ্বনিম্নত ওদালগুৰি জিলা আছে।

উল্লেখ্য যে, ১৬ ফেব্ৰুৱাৰীৰ পৰা ৪ মাৰ্চলৈ অনুষ্ঠিত হৈছিল হাইস্কুল শিক্ষান্ত পৰীক্ষা। এইবাৰ পৰীক্ষাত অৱতীৰ্ণ হৈছিল ৪,১৯,০৭৮ গৰাকী ছাত্ৰ-ছাত্ৰী। ইয়াৰে উত্তীৰ্ণ হৈছে ৩,১৭,৩১৭ গৰাকী ছাত্ৰ-ছাত্ৰী।

ইয়াৰ ভিতৰত ছাত্ৰৰ সংখ্যা আছিল ১,৮৭,৯০৪ গৰাকী, ছাত্ৰীৰ সংখ্যা আছিল ২,৩১,১৬৪ গৰাকী আৰু তৃতীয় লিংগৰ আছিল ১০ গৰাকী।

এইবাৰ পৰীক্ষাত উত্তীৰ্ণৰ হাৰ ৭৫.৭ শতাংশ। ডিষ্টিংছন নম্বৰ লাভ কৰিছে ৬,৩৯২ গৰাকীয়ে, ষ্টাৰ মাৰ্ক লাভ কৰিছে ২০,৫৫২ গৰাকীয়ে আৰু প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে ১,০৫,৮৭৩ গৰাকী।

ইয়াৰ লগতে দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈছে ১,৫০,৭৬৪ গৰাকী, তৃতীয় বিভাগত উত্তীৰ্ণ ৬০,৬৮০ গৰাকী, লেটাৰ মাৰ্ত লাভ কৰিছে ১,৯৩,১৫৯ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে।

৯১.২ শতাংশ উত্তীৰ্ণৰে শীৰ্ষত ছিৰাং, ৬০ শতাংশ উত্তীৰ্ণৰে সৰ্বনিম্নত ওদালগুৰি...
মেট্ৰিকৰ ফলাফল ঘোষণাঃ কোন আছে শীৰ্ষ ৫ ত, পঢ়ক সৱিশেষ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in