ৰাজনৈতিক বিশ্লেষক প্ৰশান্ত কিশোৰৰ মতে দক্ষিণ ভাৰতত এইবাৰ পাছ কৰিব বিজেপি

কংগ্ৰেছ, INDIA ৰ বাবে কণ্টকময় হ'ব বিজয়ৰ পথ
ৰাজনৈতিক বিশ্লেষক প্ৰশান্ত কিশোৰৰ মতে দক্ষিণ ভাৰতত এইবাৰ পাছ কৰিব বিজেপি
ৰাজনৈতিক বিশ্লেষক প্ৰশান্ত কিশোৰৰ মতে দক্ষিণ ভাৰতত এইবাৰ পাছ কৰিব বিজেপি

ডিজিটেল ডেস্কঃ ৰাজনৈতিক বিশ্লেষক প্ৰশান্ত কিশোৰে শেহতীয়াকৈ মন্তব্য কৰিছে দক্ষিণ ভাৰতেও বিমুখ কৰিব পাৰে কংগ্ৰেছক। ইয়াৰ বিপৰীতে দক্ষিণ ভাৰতত চমক দিব পাৰে বিজেপিয়ে। যদি সেয়াই হয় তেন্তে আগন্তুক লোকসভা নিৰ্বাচনত  INDIA আৰু কংগ্ৰেছৰ সন্মুখত বিজয়ৰ পথ বহু কণ্টকময় হৈ পৰিব।     

প্ৰশান্ত কিশোৰৰ মতে, পশ্চিম আৰু উত্তৰ ভাৰতত বিজেপি যথেষ্ট শক্তিশালী। ২০১৪ ৰ পৰা এই দুই প্ৰান্তত বিজেপি প্ৰায় অপ্ৰতিৰোধ্য হৈ পৰিছে। গুজৰাট, উত্তৰ প্ৰদেশ আৰু মধ্যপ্ৰদেশৰ দৰে ৰাজ্যত বিজেপি যথেষ্ট শক্তিশালী।

মহাৰাষ্ট্ৰ, ৰাজস্থান, ছত্তিশগড় আৰু বিহাৰতো বিজেপিৰ অৱস্থা বৰ এটা বেয়া নহয়। বিগত লোকসভা নিৰ্বাচনত এই ৰাজ্য কেইখনত বিজেপিয়ে ভাল ফলাফল লাভ কৰিছিল। এইবাৰো সেই ধাৰা অক্ষুন্ন ৰখাৰ সম্ভাৱনাই অধিক বুলি দাবী কৰিছে প্ৰশান্ত কিশোৰে।

তেওঁৰ মতে পশ্চিমবংগ আৰু উত্তৰপূৰ্বাঞ্চলৰ ৰাজ্যসমূহত কংগ্ৰেছৰ অৱস্থা তথৈবচ।কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে এইবাৰ উত্তৰ প্ৰদেশৰ আমেঠিৰ দৰে সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰা নাই। যোৱা লোকসভা নিৰ্বাচনত তেওঁ স্মৃতি ইৰাণীৰ হাতত এই সমষ্টিত পৰাজিত হৈছিল।

প্ৰশান্ত কিশোৰৰ মতে যোৱা ১০ বছৰত উত্তৰ আৰু পশ্চিম ভাৰতত ব্যাপক সাফল্য লাভ কৰিছে বিজেপিয়ে। এইবাৰ গেৰুৱা শিবিৰে দক্ষিণ আৰু পূৱ ভাৰতত চমকপ্ৰদ সফলতা লাভ কৰিব পাৰে।

ইয়াত বিজেপিৰ আসনৰ সংখ্যা বৃদ্ধি হোৱাৰ সমান্তৰালকৈ ভোটৰ শতাংশও বৃদ্ধি হ’ব বুলি দাবী কৰিছে প্ৰশান্ত কিশোৰে। তেওঁৰ মতে লোকসভা নিৰ্বাচনত দক্ষিণ ভাৰতত বিজেপি নিশ্চিহ্ন হ'লেও লোকসভা নিৰ্বাচনত তামিলনাডু, তেলেংগানা আদি ৰাজ্যসমূহত বিজেপিয়ে ভাল ফলাফল দেখুৱাব পাৰিব।

উল্লেখ্য যে, ২০১৯ লোকসভা নিৰ্বাচনত তামিলনাডুত বিজেপিয়ে লাভ কৰিছিল মাত্ৰ ৩.৬ শতাংশ ভোট। ২০২১ ৰ বিধানসভা নিৰ্বাচনত এই সংখ্যা ২.৬ শতাংশলৈ হ্ৰাস হৈছিল। কিন্তু প্ৰশান্ত কিশোৰৰ মতে তেলেংগানাত এইবাৰ বিজেপি প্ৰথম বা দ্বিতীয় স্থানত থাকিব পাৰে। বংগ আৰু উৰিষ্যাত প্ৰথম স্থানত থাকিব।

অৱশ্যে আসনৰ সংখ্যা বৃদ্ধি পালেও বিজেপিয়ে কৈ থকাৰ দৰে ৪০০ দূৰৰে কথা ৩৭০ খন আসনৰ লক্ষ্যও অতিক্ৰম কৰিব নোৱাৰে বুলিও দাবী কৰিছে প্ৰশান্ত কিশোৰে। মন কৰিবলগীয়া যে, ২০১৪ লোকসভা নিৰ্বাচনত তেলেংগানা, তামিলনাডু, অন্ধ্ৰপ্ৰদেশ, কেৰালা, উৰিষ্যা, পশ্চিমবংগ আৰু বিহাৰ মহিলাই বিজেপিয়ে লাভ কৰিছিল ২৯ খন আসন। ২০১৯ চনত এই সংখ্যা বৃদ্ধি পায় ৪৭ খনলৈ। অন্ধ্ৰপ্ৰদেশত বিজেপিৰ বাবে প্ৰত্যাহ্বান হ'ব জগমোহন ৰেড্ডী।

ইতিমধ্যে বিজেপিয়ে নিৰ্বাচনৰ বহু পূৰ্বৰে পৰা দক্ষিণ আৰু পূৱ ভাৰতৰ ৰাজ্যসমূহত নিৰ্বাচনক কেন্দ্ৰ কৰি বিভিন্ন পন্থা অৱলম্বন কৰিছিল। এই অঞ্চলৰ মানুহৰ মন জয় কৰিবলৈ বিভিন্ন কৌশল ৰচনা কৰি তাক কাৰ্যত পৰিণত কৰিছে।

অৱশ্যে প্ৰশান্ত কিশোৰৰ এই সম্ভাৱনা কিমান বাস্তৱত পৰিণত হয় অথবা দক্ষিণ ভাৰতত সঁচাকৈয়ে বিজেপিয়ে পূৰ্বতকৈ ভাল ফলাফল দেখুৱাব পাৰিবনে সেয়া ভোটগণনাৰ সময়ত স্পষ্ট হ'ব। কিন্তু প্ৰশান্ত কিশোৰে কৈ থকাৰ দৰে দক্ষিণ ভাৰততে নহয় আন আন প্ৰান্ততো বিজেপি যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে।

ৰাজনৈতিক বিশ্লেষক প্ৰশান্ত কিশোৰৰ মতে দক্ষিণ ভাৰতত এইবাৰ পাছ কৰিব বিজেপি
নেডফি হাউচত 'ফেক্টছ চেকিং মেল' সম্পন্ন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in