নেডফি হাউচত 'ফেক্টছ চেকিং মেল' সম্পন্ন...

উত্তৰ পূৰ্বাঞ্চলৰ ফেক্টছ নেটৱৰ্কৰ শুভাৰম্ভ
নেডফি হাউচত 'ফেক্টছ চেকিং মেল' সম্পন্ন...
নেডফি হাউচত 'ফেক্টছ চেকিং মেল' সম্পন্ন...

ডিজিটেল ডেস্কঃ যোৱা ৫ এপ্ৰিলত গুৱাহাটীৰ নেডফি হাউচত 'বুম লাইভ' নামৰ এক সংস্থাই অনুষ্ঠিত কৰে ফেক্টছ চেকিং মেল শীৰ্ষক এক অনুষ্ঠান। এই অনুষ্ঠানত ৰাজ্যৰ কেইবাগৰাকীও জ্যেষ্ঠ সাংবাদিকৰ লগতে তথ্য পৰীক্ষক, সংবাদ ক্ষেত্ৰৰে জড়িত ব্যক্তি উপস্থিত থাতে। বৰ্তমানৰ সংবাদ ক্ষেত্ৰৰ দৃশ্যপটত তথ্যৰ শুদ্ধতা আৰু বস্তুনিষ্ঠতাৰ গুৰুত্বৰ ভূমিকা ৰক্ষা কৰাৰ উদ্দেশ্যৰে অনুষ্ঠিত হয় এই অনুষ্ঠান।

অনুষ্ঠানত জ্যেষ্ঠ সাংবাদিক ৰাজীৱ ভট্টাচাৰ্যই সংঘৰ্ষৰ সময়ত তথ্য পৰীক্ষণৰ ওপৰত বক্তব্য দাঙি ধৰি কয়, সাংবাদিকে মতামততকৈ তথ্যক অগ্ৰাধিকাৰ দিব লাগে। তেওঁ বাতৰি আৰু মতামতৰ সংমিশ্ৰণে সৃষ্টি কৰা প্ৰত্যহ্বানবোৰৰ ওপৰতো বক্তব্য ৰাখে।

অনুষ্ঠানত গুৱাহাটী প্ৰেছ ক্লাবৰ সভাপতি সুস্মিতা গোস্বামীয়ে ভুল তথ্যৰ দ্বাৰা প্ৰভাৱিত হোৱা বিষয়বোৰৰ ওপৰত ব্যক্তব্য ৰাখে। সেয়ে তেওঁ সংবাদ মাধ্যমক এনে বিপদৰ সৈতে মোকাবিলা কৰিবলৈ বিদ্যমান ব্যৱস্থাসমূহৰ সুবিধা ল’বলৈ আহ্বান জনায়।

'বুম লাইভ'ৰ মেনেজিং এডিটৰ জেনচি জেকবে সাংবাদিকসকলৰ তথ্য পৰীক্ষাৰ বাবে অপৰিহাৰ্য দক্ষতাৰ ওপৰত বক্তব্য ৰাখে। তেওঁ সাংবাদিকসকলৰ শেহতীয়া প্ৰযুক্তিগত বিষয়বোৰৰ বিষয়ে জ্ঞান থকাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

'বুম লাইভ'ৰ তথ্য পৰীক্ষণৰ প্ৰশিক্ষক দিব্যা চন্দ্ৰই তথ্য পৰীক্ষা কেৱল সাংবাদিক আৰু সংবাদ কৰ্মীসকলৰ বাবে বুলি থকা ভ্ৰান্ত ধাৰণা দূৰ কৰি কয়, সকলোৱে শুদ্ধ তথ্য ব্যৱহাৰ কৰিব লাগে। তেওঁ ব্যক্তিয়ে কিদৰে স্বতন্ত্ৰভাৱে তথ্য পৰীক্ষণ কৰিব লাগে তাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

'বুম লাইভ'ৰ এই অনুষ্ঠানৰ জৰিয়তে উত্তৰ পূৰ্বাঞ্চলৰ ফেক্টছ নেটৱৰ্কৰ শুভাৰম্ভ কৰে। বুম লাইভৰ এই পদক্ষেপৰ উদ্দেশ্য হৈছে অঞ্চলটোত তথ্য পৰীক্ষাৰ প্ৰচেষ্টা শক্তিশালী কৰা।এই নৰ্থ ইষ্ট ফেক্টছ নেটৱৰ্ক প্ৰকল্পৰ নেতৃত্বত থকা চাবিনা য়াছমিন আৰু সহযোগী প্ৰযোজক তিথা ঘোষে অনুষ্ঠানৰ গোটেই দিনটোৰ কাৰ্যসূচীসমূহ পৰিচালনা কৰে।

নেডফি হাউচত 'ফেক্টছ চেকিং মেল' সম্পন্ন...
কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ গহপুৰৰ নিৰ্বাচনী কাৰ্য্যসূচী বাতিল...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in