পৰিকল্পনা চলিছে চৰকাৰ ভঙা-গঢ়াৰ, এইবাৰ সংকটত পৰিল তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিন

Muthuvel Karunanidhi Stalin
Muthuvel Karunanidhi Stalin

ডিজিটেল ডেস্ক : সমগ্ৰ দেশতেই যেন পৰিকল্পনা চলিছে চৰকাৰ ভঙা-গঢ়াৰ । এই পৰিকল্পনাত কোন দল কাৰ সৈতে যেন একোৱেই ৱুজিব পৰ‍া নাই সাধাৰণ জনতাই । মাত্ৰ এয়াই বুজিছে যে অস্থিৰ ৰাজনৈতিক অৱস্থাৰ সুযোগ লৈ একাংশ সুবিধাবাদীয়ে অতি শীঘ্ৰেই এক গুৰুত্বপূৰ্ণ ভূমিকা ল'ব আগন্তুক নিৰ্বাচনত ।

তেনে এক ঘটনাই শেহতীয়াকৈ পোহৰলৈ আহিছে তামিলনাডুতো । তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিনৰ বিৰুদ্ধে সৰৱ হৈ উঠিছে ৰাজ্যিক বিজেপি । অতি শীঘ্ৰেই হেনো পদত্যাগ কৰিব লাগে এম কে ষ্টেলিনে । অৱশ্যে ইয়াৰ অন্তৰালত আছে তামিলনাডুৰ শাসনাধিষ্ঠ দল ডি এম কেৰ এ জ্যেষ্ঠ নেতা তথা ৰাজ্যখনৰ বিত্তীয় মন্ত্ৰী পালানিভেল থিয়াগাৰাজন । এগৰাকী সাংবাদিকৰ সৈতে বিত্তীয় মন্ত্ৰীগৰাকীৰ এটি ফোন কলৰ ৰেকৰ্ডিঙে শেহতীয়াকৈ উদঙাই দিছে বহু তথ্য ।

এই ফোন ৰেকৰ্ডিংটোত উল্লেখ কৰা অনুসৰি, তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিনৰ পুত্ৰ ‍আৰু জোৱায়ে প্ৰায় ৩০ হেজাৰ কোটি টকা আত্মসাৎ কৰিছিল বেআইনী ভাৱে । আনহাতে, একে সময়তেই তামিলনাডুৰ ৰাজ্যিক বিজেপিৰ উপ-সভাপতি আন্নামালাইৰ প্ৰতিবেদন অনুসৰি ডি এম কেৰ ২৭ জন নেতাৰ হাততেই তামিলনাডুৰ মুঠ জি ডি পিৰ ১০ শতাংশৰ সমান সম্পত্তি মজুত আছে ।

এতিয়া অপেক্ষা মাথো ষ্টেলিনৰ প্ৰত্যুত্তৰলৈ । এই অভিযোগ সঁচা বুলি প্ৰমাণিত হ'ব নে এই দাবীও বিৰোধীৰ ষড়যন্ত্ৰ সেই কথা জানিব পৰা যাব অতি শীঘ্ৰেই ।

Muthuvel Karunanidhi Stalin
চৰাইদেউ মথুৰাপুৰ ব’হাগী উৎসৱৰ লাইখুঁটা স্থাপন ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in