/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/3b23dbcc-d9b1-49d5-ba2c-004e2d5e047d/saraidew.jpg)
লাইখুঁটা স্থাপন
ডিজিটেল সংবাদ, মথুৰাপুৰঃ চৰাইদেউ জিলাৰ বৃহত্তৰ মথুৰাপুৰবাসী ৰাইজৰ সন্মিলিত প্ৰচেষ্টাত অনুষ্ঠিত হ’বলগীয়া চতুৰ্দশ বাৰ্ষিক ব’হাগী উৎসৱৰ শুকুৰবাৰে মূল মণ্ডপৰ লাইখুঁটা স্থাপন কৰা হয় ৷
দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অহা ১১ আৰু ১২ মে’ত মথুৰাপুৰ ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত হ’বলগীয়া সন্মিলনখনি আজি অনুষ্ঠানিকভাৱে স্হাপন কৰে উদযাপন সমিতিৰ সভাপতি জীতেন ৰাজকোঁৱৰে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/8bfc9529-701c-4332-858f-9cfd6bc7f4e2/0dc52f4b_7009_4f85_80fd_9311b9ffc50b.jpg)
লাইখুঁটা স্থাপন অনুষ্ঠানত সম্পাদক জিন্টু গগৈক উদযাপন সমিতিৰ বিষয়ববীয়া সকল উপস্থিত থাকে ৷ বিহুৰ কাৰ্যসূচী অনুসৰি প্ৰথম দিনা বিহুৱান উত্তোলন, স্মৃতি তৰ্পণ, আৰু বৃক্ষৰোপণৰ পিছতেই বিহুৱান, চিত্ৰাংকন, ৰচনা আৰু কবিতা আবৃত্তি প্ৰতিযোগিতা অনুষ্ঠিত হব ৷
সন্ধিয়ালৈ আমন্ত্ৰিত হুঁচৰি আৰু জেংবিহু দলে বিহু প্ৰদৰ্শন কৰিব ৷ বিহুৰ দুয়োদিনৰ কাৰ্য্যসূচীত ৰাইজৰ সহযোগিতা কামনা কৰিছে উদ্যোক্তাই ৷