/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/c2d1609b-d447-450d-b254-e5a0072b4224/BJPPPP.jpg)
ডিজিটেল ডেস্ক : ৰাষ্ট্ৰীয় ৰাজনীতিত ভাৰতীয় জনতা পাৰ্টীৰ নতুন মূৰ। বিজেপিয়ে সলনি কৰিছে কেইবাখনো ৰাজ্যৰ দলীয় ৰাজ্যিক সভাপতিক। তেলেংগানাত কিষাণ ৰেড্ডী, পঞ্জাৱত সুনীল জাখৰ, অন্ধ্ৰ প্ৰদেশৰ ডি পুৰন্দেশ্বৰী আৰু ঝাৰখণ্ডৰ বাবুলাল মাৰাণ্ডীক নতুন দ্বায়িত্ব প্ৰদানেৰে ৰাজনীতিৰ ক্ষেত্ৰত বৃহৎ ভূমিকা কেন্দ্ৰীয় শাসিত বিজেপিৰ। দেশৰ লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত বিজেপিৰ।
বিজেপিৰ এজন শক্তিশালী নেতা বুলি গণ্য কৰা বাবুলাল মাৰাণ্ডী আছিল ৰাজ্যখনৰ প্ৰাক্তন মুখ্যমন্ত্ৰী। ২০১৯ চনৰ বিধানসভা নিৰ্বাচনৰ পিছতে তেওঁ তেওঁৰ দলক ভাৰতীয় জনতা পাৰ্টিৰ সৈতে একত্ৰিত কৰে। ঝাৰখণ্ডত ১৪ খন লোকসভা আসন থকাৰ বিপৰীতে বৰ্তমান এন ডি এ মিত্ৰজোঁটৰ ১২ খন আসন আছে। যিয়ে ৰাজ্যখনৰ ৰাজনীতিত নিৰ্ণায়ক ভূমিকা পালন কৰে। সেই কথালৈ লক্ষ্য কৰিয়ে কেন্দ্ৰীয় চৰকাৰে সভাপতিৰ দায়িত্বত বাবুলাল মাৰাণ্ডীক নিৰ্বাচিত কৰাৰ কথা চৰ্চা হৈছে।
আনহাতে জি কিষাণ ৰেড্ডীক তেলেংগানা বিজেপিৰ ৰাজ্যিক সভাপতি হিচাপে নিযুক্তি দিয়া হৈছে। আকৌ ডি পুৰন্দেশ্বৰীক অন্ধ্ৰ প্ৰদেশ বিজেপিৰ ৰাজ্যিক সভাপতি হিচাপে নিযুক্তি দিয়া হৈছে; তাৰ বিপৰীতে সুনীল জাখৰক পঞ্জাৱৰ ৰাজ্যিক বিজেপি দলৰ সভাপতি হিচাপে নিযুক্তি দি লোক সভা নিৰ্বাচনৰ বাবে সাজু হৈছে বিজেপি। উল্লেখ্য ইয়াৰে সুনীল জাখৰে এগৰাকী প্ৰাক্তন কংগ্ৰেছী। এসময়ত কংগ্ৰেছ দলৰ ৰাজ্যিক সভাপতিও আছিল জাখৰে। যাৰ বাবে ৰাজনীতিৰ প্ৰেক্ষাপটত জাখৰে ভূমিকাক গুৰুত্ব দিছে বিজেপিয়ে।
আনহাতে অন্ধ্ৰ প্ৰদেশৰ ৰাজ্যিক সভাপতি হিচাবে নিৰ্বাচিত হোৱা ডি পুৰন্দেশ্বৰী হ'ল টিডিপিৰ প্ৰতিষ্ঠাপক এনটি ৰামা ৰাওৰ জীয়ৰী। ইয়াৰ পূৰ্বে তেওঁ দলৰ সাধাৰণ সম্পাদক হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।
বিজেপিয়ে এই ৪ ৰাজ্যৰ ৰাজ্যিক সভাপতিক সলনি কৰাত এতিয়া দেশৰ ৰাজনীতিত ব্যাপক চৰ্চা লাভ কৰিছে। আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে যে এইয়া বিজেপিৰ ৰণশিঙা সেইয়া স্পষ্ট হৈ পৰিছে।
Also Read: মায়ঙৰ বৰকুৰানীত অমানৱীয় ঘটনা: দলবদ্ধ আক্ৰমণ যুৱতীক...