ডিজিটেল সংবাদ, মায়ং : মায়ঙৰ বৰকুৰানীত সংঘটিত হৈছে এক অমানৱীয় ঘটনা।এগৰাকী যুৱতীক ৪গৰাকী মহিলাই দলবদ্ধ ভাবে আক্ৰমণ কৰি মৰাপাটৰ খেতিত সংকটজনক অৱস্থাত পেলাই থোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। আৰক্ষীৰ ভূমিকাত অসন্তুষ্ট হৈ পৰিছে পৰিয়ালৰ লোক।
বৰ্তমান চিকিৎসালয়ত চিকিৎসাধীন যুৱতীগৰাকী। অপৰাধীক কৰায়ত্ব কৰাৰ ক্ষেত্ৰত ৰাজনীতিৰ প্ৰভাৱ পৰাৰ অভিযোগ পৰিয়ালৰ। গোচৰ ৰুজু কৰাৰ ৪দিন পিছতো কিয় অপৰাধীক গ্ৰেপ্তাৰ কৰিব পৰা নাই তাক লৈ উত্থাপন হৈছে প্ৰশ্ন।
ঘটনা অনুসৰি আজিৰে পৰা প্ৰায় ৭ বছৰ পূৰ্বে মায়ঙৰ গাগলমাৰীৰ আমিৰ উদ্দিন নামৰ লোকজনৰ কন্যা ১৪ বছৰীয়া কিশোৰী হাছিনা খাতুনক বলপূৰ্বক ভাৱে বৰকুৰানীৰ লিয়াকৎ আলীৰ পুত্ৰ ফিৰদুছ আলীয়ে যৌন নিৰ্যাতন চলাই গৰ্ভধাৰণ কৰে । তাৰ পিছতেই গোপনে কিশোৰী গৰাকীক সেই সময়ত গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত গৰ্ভপাত কৰাই আৰু মাতৃৰ অজানিতেই ১০ মহীয়া দেৱ শিশুটিক ল'ৰা পক্ষই বিক্ৰী কৰি দিয়ে।
ঘটনাটো লাহে লাহে সমাজত বিয়পি পৰাত সামাজিক ভাবে দুয়ো পক্ষই বিবাহৰ সিদ্ধান্তত উপনীত হয়। ধৰ্মীয় ৰীতি-নীতিৰে ফিৰদুছ আৰু হাছিনাৰ বিবাহ সম্পন্ন হয় যদিও বোৱাৰীগৰাকীক গ্ৰহণ কৰিব লৈ টান পোৱা তথাকথিত সমাজকৰ্মী লিয়াকত আলীৰ পৰিয়ালে বিভিন্ন অজুহাতত নিৰ্যাতন চলাবলৈ আৰম্ভ কৰে। কেইদিনমান থকাৰ পিছতেই ৰহস্যজনক ভাবে হাছিনাৰ স্বামীক পৰিয়ালৰ লোকে বহিঃৰাজ্যলৈ পঠিয়াই আৰু হাছিনাক মাতৃ গৃহলৈ যাবলৈ বাধ্য কৰায়।
কিন্তু সেই খিনিতে অন্ত নপৰিল ঘটনাৰ। ৭ বছৰ পিছত ঈদৰ পূৰ্বে স্বামী ঘৰত অহাৰ খবৰ পাই দৰিদ্ৰ পৰিয়ালৰ হাছিনাই পুনৰ স্বামীৰ সতে ফোনত যোগাযোগ কৰি ঈদৰ পিছদিনাই স্বামী গৃহত গৈ উপস্থিত হয়। বৰ্তমান ২১ বছৰীয়া হাছিনাক স্বামী ফিৰদুছে আঁকোৱালি লয় যদিও পৰিয়ালে কোনোপধ্যেই হাছিনাক বোৱাৰী হিচাবে মানি নলয়।যাৰ বাবে পৰিকল্পিত ভাবে মৰিয়াই মৰিয়াই হত্যাৰ চেষ্টা চলাই গাগলমাৰী সমবায় সমিতিৰ সদস্য তথাকথিত সমাজকৰ্মী লিয়াকত আলীৰ পৰিয়ালে। হাছিনাক নিৰ্যাতন চলোৱা ৪ মহিলা ক্ৰমে মাবিয়া, ৰাহিলা, ৰেজিয়া আৰু হাছিমাই দলবদ্ধভাবে আক্ৰমণ কৰি চোচৰাই নি ঘৰৰ পিছফালৰ মৰাপাট খেতিত অচেতন অৱস্থাত কৰি পেলাই থৈ যায়।
অকথ্য নিৰ্যাতনৰ বলি হোৱা যুৱতীগৰাকীৰ পৰিয়ালে ঘটনা সংক্ৰান্তত মায়ং আৰক্ষীক অৱগত কৰোৱাত আৰক্ষীয়ে লিয়াকৎ আলীৰ ঘৰৰ পিছফালৰ মৰা-পাট খেতিৰ পৰা উদ্ধাৰ কৰি চিকিৎসাৰ বাবে মৰিগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। বৰ্তমান হাছিনাৰ অৱস্থা সংকটজনক। আনহাতে গোচৰ দিয়াৰ ৪দিনৰ পিছতো গ্ৰেপ্তাৰ নকৰা কাৰ্যক ধিক্কাৰ দিছে স্থানীয় ৰাইজে। ৰাজনৈতিক নেতাৰ আশীৰ্বাদ থকাৰ বাবেই ইমান ডাঙৰ জঘণ্য অপৰাধ কৰা অপৰাধীও গ্ৰেপ্তাৰৰ পৰা সাৰি যাব নেকি তাকে লৈ সৰ্বত্ৰে চৰ্চা চলিছে।