বিৰোধীবিহীন ভাৰতৰ দিশে বিজেপি, সমগ্ৰ দেশতেই অভিযান এক সময়তেই

banna gupta
banna gupta

ডিজিটেল ডেস্ক : বিৰোধীবিহীন হোৱাৰ দিশে নেকি ভাৰত ? এফালৰ পৰা সমগ্ৰ দেশতেই বিৰোধীসকলক ব্যতিব্যস্ত কৰি তুলিছে বিজেপিয়ে । ২০২৪ৰ নিৰ্বাচনতেই যেন ভৱিষ্যতৰ সকলো সিদ্ধান্ত লোৱা যাব । ২০২৪ত জয়ী হ'লেই দেশ নিজৰ দখলত জয়ী হোৱা দলটোৰ ।

কিন্তু যি সময়ত ২০২৪ৰ নিৰ্বাচনৰ বাবে দলসমূহে ইতিমধ্যে সাজু কৰি তুলিছে ৰণ কৌশল সেই সময়তেই কিন্তু বিৰোধীতকৈ দুখোজ আগত ৰৈছে বিজেপি ।

দেশৰ বিভিন্ন ৰাজ্যৰ শাসনাধিষ্ঠ দলসমূহক বিভিন্ন গোচৰত ব্যতিব্যস্ত কৰি তোলা বিজেপিৰ শেহতীয়া টাৰ্গেট ঝাৰখণ্ড । ঝাৰখণ্ডৰ স্বাস্থ্যমন্ত্ৰী তথা কংগ্ৰেছী নেতা বান্না গুপ্তাৰ পদত্যাগৰ দাবীত এইবাৰ সৰৱ হৈ উঠিছে বিজেপি । উত্থাপন হোৱা অভিযোগ অনুসৰি, স্বাস্থ্যমন্ত্ৰী গৰাকীৰ এটি ভিডিঅ' বাৰ্তা সামাজিক মাধ্যমত বিয়পি পৰিছিল শেহতীয়াকৈ ।

যি ভিডিঅ' বাৰ্তাত স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে এগৰাকী মহিলাৰ সৈতে বাৰ্তালাপত ব্যস্ত আছিল আৰু এই সম্পূৰ্ণ ভিডিঅ'টোৰ বাৰ্তা অশ্লীল বা অশালীন হোৱাৰ বাবে এতিয়া বিজেপিয়ে দাবী কৰিছে পদত্যাগৰ । আনহাতে, বিজেপিৰ এই দাবী নস্যাৎ কৰি স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে এই ভিডিঅ'টো ভুৱা বুলি দাবী কৰে । কোনো দুষ্টচক্ৰই তেওঁৰ সামাজিক আৰু ৰাজনৈতিক জীৱনত ক্ষতি কৰিবৰ বাবে এনে কৰা বুলি জনায় মন্ত্ৰীগৰাকীয়ে ।আনহাতে, মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে তদন্ত কৰাৰো দাবী জনাই মুখ্যমন্ত্ৰী হেমন্ত চোৰেনক ।

উল্লেখ্য যে, মূলত: কংগ্ৰেছ আৰু আম আদমী পাৰ্টীৰ এতিয়া অৱস্থা শোচনীয় । সকলো দিশৰ পৰাই হেঁচা প্ৰয়োগ কৰিছে বিজেপিয়ে । এই হেঁচা সহ্য কৰাতো সকলোৰে বাবে যে সম্ভৱ নহয় সেইয়া জ্ঞাত সাধাৰণ নাগৰিকো ।

banna gupta
শচীন পুত্ৰক দেখুৱালে আই পি এলৰ নিষ্ঠুৰ দিশ, এটা অ'ভাৰতেই খালে ৩১ ৰান

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in