শচীন পুত্ৰক দেখুৱালে আই পি এলৰ নিষ্ঠুৰ দিশ, এটা অ'ভাৰতেই খালে ৩১ ৰান

শচীন পুত্ৰক দেখুৱালে আই পি এলৰ নিষ্ঠুৰ দিশ, এটা অ'ভাৰতেই খালে ৩১ ৰান

ডিজিটেল ডেস্ক : ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ, সমগ্ৰ টুৰ্নামেন্টখনত খেলুৱৈসকলক যিদৰে বীৰপূজা কৰা হয় সেইদৰেই মুহুৰ্ততে তচনচ হৈ উঠিব পাৰে খেলুৱৈসকলৰ সপোনো । এটা মুহুৰ্তত যদি দলৰ ত্ৰাণকৰ্তা, আন এটা মুহুৰ্তত আকৌ একেজন খেলুৱৈকেই নিষ্ঠুৰ প্ৰহাৰ ।

তেনে এক ঘটনাই সংঘটিত হ'ল শচীন তনয় অৰ্জুন তেণ্ডুলকাৰৰ সৈতে । আই পি এলত নিজৰ তৃতীয়খন মেচ খেলিয়েই এক নজিৰ গঢ়িলে খেলুৱৈগৰাকীয়ে । ঘৰুৱা খেলপথাৰত পঞ্জাৱ কিংছৰ বিৰুদ্ধে ১ অ'ভাৰত খৰছ কৰিলে ৩১ ৰান । আই পি এলত সৰ্বাধিক ৰান দিয়াসকলৰ তালিকাত দ্বিতীয় স্থান লাভ কৰিলে অৰ্জুনে ।

পঞ্জাৱৰ ইনিংছৰ ষষ্ঠদশ অ'ভাৰত ঘটিছিল এই ঘটনা । ক্ৰিজত আছিল ছেম কুৰান আৰু হৰপ্ৰীত সিং । প্ৰথমটো বলত অৰ্জুনক ছয় কোবাইছিল কুৰানে । পৰৱৰ্তী বলটো ৱাইড, তাৰ পাছৰ বলটো চাৰি ৰান, তৃতীয়টো ব'লত ১ ৰান লৈ বেটিঙলৈ আহে হৰপ্ৰীত সিং । চতুৰ্থটো ব'ল বাউণ্ডেৰী কোবোৱাৰ পাছত পঞ্চমটো বলত পুনৰ ছয় । ‍অন্তিমটো ব'ল ন' ব'ল । সেই ব'লটো গৈছিল বাউণ্ডেৰীলৈ । ইয়াৰ পাছৰ ফ্ৰী-হিটৰ বলটো পুনৰ বাউণ্ডেৰী কোবাই হৰপ্ৰীতে ।

অৱশ্যে অৰ্জুনৰ আন দুটা অ'ভাৰ এনে ব্যয়বহুল নাছিল । সৰ্বমুঠ ৩ অ'ভাৰত ৪৮ ৰান দি এটা উইকেট সংগ্ৰহ কৰে খেলুৱৈগৰাকীয়ে ।

মুঠতে, শচীন তনয়ে লাভ কৰিলে আন এক অভিজ্ঞতা । যি অভিজ্ঞতাই তেওঁক শিকালে খেলপথাৰত ক্ৰিকেটৰ ভগৱানৰ পুত্ৰ হ'লেও নিষ্ঠুৰ হৈ উঠিব পাৰে প্ৰতিপক্ষ ।

শচীন পুত্ৰক দেখুৱালে আই পি এলৰ নিষ্ঠুৰ দিশ, এটা অ'ভাৰতেই খালে ৩১ ৰান
নামৰূপত ধুমুহাত মৃত্যু এজন লোকৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in