বসন্ত চিৰিং ফুকনলৈ 'অসম গৌৰৱ' বঁটা : তিতাবৰত আনন্দ

বঁটা লাভ কৰাৰ পাছত অধিক উৎসাহি হৈ পৰিছে ফুকন

author-image
Asomiya Pratidin
New Update
বসন্ত চিৰিং ফুকনলৈ 'অসম গৌৰৱ' বঁটা : তিতাবৰত আনন্দ

ডিজিটেল সংবাদ,তিতাবৰ : তিতাবৰৰ বিশিষ্ট কাঠফুলা খেতিয়ক বসন্ত চিৰিং ফুকনে লাভ কৰিছে ৰাজ্য চৰকাৰৰ সৰ্বোচ্চ অসামৰিক বঁটা অসম গৌৰৱ বঁটা। নাম ঘোষণাৰ পাছতে আনন্দিত হৈ পৰিছে বিশিষ্ট কাঠ ফুলা খেতিয়ক ফুকন।

Advertisment

উল্লেখ্য যে ২০০১ চনৰ পৰা কাঠফুলা খেতি কৰি আহিছে খেতিয়কগৰাকীয়ে। তিতাবৰ বিৰিনাশায়েকৰ নিবাসী বসন্ত চিৰিং ফুকনে এই বঁটা লাভ কৰাৰ পাছত অধিক উৎসাহি হৈ পৰিছে। তেওঁৰ এই সফলতাত সমগ্ৰ অঞ্চলবাসীয়ে আনন্দ প্ৰকাশ কৰিছে। লগতে বিভিন্নজনে ফুকনক কৃতজ্ঞতা জ্ঞাপন কৰে।

Also Read: ৰাজ্যৰ পৰৱৰ্তী মুখ্য সচিব ড০ ৰবি কোটা

assam govt titabar