''বিৰোধীয়ে ভাৱে মোডীক পৰাজিত কৰিব পাৰিব, কিন্তু এয়া সপোন''

বুধবাৰে বিজেপিয়ে জাৰি কৰিছে এখন বিশেষ পোষ্টাৰ। বিৰোধীক কটাক্ষ কৰি বিজেপিয়ে টুইট কৰিছে এখন বিশেষ ফটো।

author-image
Asomiya Pratidin
New Update
''বিৰোধীয়ে ভাৱে মোডীক পৰাজিত কৰিব পাৰিব, কিন্তু এয়া সপোন''

ডিজিটেল ডেস্কঃ বিৰোধী মৰ্চা 'ইণ্ডিয়া'ৰ মুম্বাইত অনুষ্ঠিত হ'বলগীয়া দুদিনীয়া বৈঠকৰ চৰ্চা চলি থকাৰ মাজতে বুধবাৰে বিজেপিয়ে জাৰি কৰিছে এখন বিশেষ পোষ্টাৰ। বিৰোধীক কটাক্ষ কৰি বিজেপিয়ে টুইট কৰিছে এখন বিশেষ ফটো।

ফটোখনত লিখা আছে- '২০২৪ চনত মই আকৌ উভতি আহিম'। লগতে কেপচনত আছে- ''বিৰোধীয়ে ভাৱে প্ৰধানমন্ত্ৰী মোডীক পৰাজিত কৰিব পাৰিব। সপোন এয়া! টাৰ্মিনেটৰেই সদায় জয় হয়''।পোষ্টাৰখনত বিজেপিৰ প্ৰতীক পদুম ফুলৰ সৈতে প্ৰধানমন্ত্ৰী মোডীৰ ষ্টাইলিছ ছবি দেখুওৱা হৈছে।

সমাগত ২০২৪ চনৰ লোকসভা নিৰ্বাচন। ইয়াৰ মাজতে ৩১ আগষ্ট আৰু ১ ছেপ্টেম্বৰত মুম্বাইত অনুষ্ঠিত হ'ব বিৰোধী মৰ্চা ইণ্ডিয়াৰ বৈঠক। ২৬ টা দলে অংশগ্ৰহণ কৰিবলগীয়া এই বৈঠকক লৈ ইতিমধ্যে যথেষ্ঠ চৰ্চা চলিছে।

সমান্তৰাভাৱে মহাৰাষ্ট্ৰত বিজেপিয়ে দুদিনীয়া বৈঠকৰ ঘোষণা কৰিছে। এই সকলোবোৰৰ মাজতে বিজেপিৰ এই পোষ্টাৰখনে বিশেষ তাৎপৰ্য বহন কৰিছে।

Also Read: পবিতৰাৰ ৪০ শতাংশ এলেকা ব্ৰহ্মপুত্ৰৰ ভদীয়া বানত প্লাবিত

narendra modi bjp