/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/3a88e0bf-6aa8-49a7-83ea-c8540e68be5b/gnh.jpg)
ডিজিটেল সংবাদ, মায়ংঃ ব্ৰহ্মপুত্ৰৰ ভদীয়া বানত বুৰ গৈছে পবিতৰা অভয়াৰণ্যৰ ৪০ শতাংশ এলেকা।মায়ঙৰ পকৰীয়া,মনহা আৰু ঘগুৱা মৌজাৰ ন ন অঞ্চল প্লাবিত। ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীত বৰ্তমান লৈ পবিতৰাৰ খলাভূঞা,বৰদিয়া,হাডুক, তামুলীডোভা,কমাৰপুৰ,দিপ্ৰাং,ঠেংভঙা আদি অঞ্চল সমূহ জলমগ্ন হৈ পৰা পৰিলক্ষিত হৈছে।
যোৱা দুটা দিনত ব্ৰহ্মপুত্ৰৰ পানী অভয়াৰণ্য খনৰ ন ন অঞ্চলত প্ৰৱেশ কৰিছে।অৱশ্য কোনো এটা বন্যপ্ৰাণীৰ বৰ্তমান লৈ ক্ষতি হোৱা নাই বুলি জানিব পৰা গৈছে।অভয়াৰণ্য খনৰ ভিতৰত এমজিএনৰেগাৰ ধনেৰে নতুন কৈ নিৰ্মাণ কৰা আৰু পুৰণি ওখ ভেটি বোৰত নিৰাপদ অৱস্থাত আছে গড়,মহ, বন গাহৰি।
দুটামান বন শিবিৰত বনকৰ্মী সকলে যোগাযোগৰ বাবে হাত নাওঁৰ সহায় লৈছে।আনফালে মায়ঙৰ পকৰীয়া মৌজাৰ ঠায়ে ঠায়ে পথ যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে।হাত নাৱেৰেই স্কুল কলেজৰ ছাত্ৰ ছাত্ৰীৰ অহা যোৱা চলিছে।মুঠৰ ওপৰত বানে সংহাৰী ৰূপ ধাৰণ কৰিছে এই সময়ত।
Also Read: আজি আকাশত ওলাব ব্লু মুনঃ কেতিয়া, কেনেকৈ চাব পাৰিব চন্দ্ৰৰ অনন্য ৰূপ, জানক...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us