সুৰা কেলেংকাৰীঃ পদত্যাগ কৰিব লাগে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে...

পদত্যাগ কৰিব লাগে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে। দিল্লীৰ সুৰা কেলেংকাৰীৰ পাছতেই এই দাবী বিজেপিৰ।

author-image
Asomiya Pratidin
New Update
সুৰা কেলেংকাৰীঃ পদত্যাগ কৰিব লাগে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে...

সুৰা কেলেংকাৰীঃ পদত্যাগ কৰিব লাগে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে...

ডিজিটেল ডেস্কঃ পদত্যাগ কৰিব লাগে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে- এই দাবীৰে প্ৰতিবাদ সাৱ্যস্ত বিজেপি কৰ্মীৰ। দিল্লীৰ সুৰা কেলেংকাৰীৰ বাবে মুখ্যমন্ত্ৰী গৰাকীয়ে পদত্যাগ কৰিব লাগে বুলি দিল্লীৰ ৰাজঘাটত প্ৰতিবাদ কৰাৰ লগতে মৌন ব্ৰত কৰে।

প্ৰতিবাদৰ সময়ত বিজেপিৰ দিল্লীৰ কাৰ্যকৰী সভাপতি বীৰেন্দ্ৰ সচদেৱা, দিল্লী বিধানসভাৰ বিৰোধী দলৰ নেতা ৰামবীৰ সিং বিধুৰী আৰু অন্যান্য দলীয় কৰ্মীসকল উপস্থিত থাকে।

উল্লেখ্য যে, দিল্লীৰ সুৰা কেলেংকাৰীৰ গোচৰত গ্ৰেপ্তাৰ হৈছিল দিল্লীৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনিষ ছিচদিয়া। বৰ্তমান ইডিৰ জিম্মাতে আছে ছিচদিয়া। গ্ৰেপ্তাৰৰ পাছতে মন্ত্ৰীত্বৰ পৰা পদত্যাগ কৰিছিল ছিচদিয়াই। ইয়াৰ কেইমাহমান পূৰ্বে গ্ৰেপ্তাৰ হৈছিল দিল্লীৰ মন্ত্ৰী(প্ৰাক্তন) সৈতেন্দ্ৰ জৈন।

Also Read: আজানৰ বাবে লাউডস্পীকাৰ ব্যৱহাৰ হয়,আল্লাই কাণেৰে নুশুনে নেকিঃ বিজেপি নেতা

aap arvind kejriwal bjp