
ডিজিটেল ডেস্কঃ আল্লাক লৈ বিতৰ্কিত মন্তব্য বিজেপি নেতাৰ। আল্লা বধিৰ নেকি বুলি প্ৰশ্ন বিজেপি নেতা গৰাকীৰ। এই মন্তব্যৰ পাছতেই উত্তাল হৈ পৰিছে বিভিন্ন মহল।
জ্যেষ্ঠ বিজেপি নেতা তথা কৰ্ণাটকৰ প্ৰাক্তন মন্ত্ৰী কে এছ ইশ্বৰাপ্পাই ১২ মাৰ্চত এক জনসভা সম্বোধন কৰি আজানৰ ওপৰত বিতৰ্কিত মন্তব্য কৰে। তেওঁৰ ভাষণৰ সময়ত ওচৰৰ মছজিদৰ পৰা আজান শুনিবলৈ পোৱা গৈছিল।
তেতিয়া তেওঁ কয় যে, "মই য'তেই যাওঁ, এইটোৱে (আজান) মোক মুৰৰ বিষ কৰি দিয়ে।" বিজেপি নেতাজনে প্ৰশ্ন কৰি কয় যে আজানৰ সময়ত লাউডস্পীকাৰ ব্যৱহাৰ কৰিলেহে আল্লাই প্ৰাৰ্থনা শুনে নেকি?
''মন্দিৰত যুৱতী-মহিলাসকলে প্ৰাৰ্থনা কৰে। আমিও ধাৰ্মিক, কিন্তু আমি লাউডস্পীকাৰ ব্যৱহাৰ নকৰোঁ। যদি প্ৰাৰ্থনাৰ বাবে লাউডস্পীকাৰ ব্যৱহাৰ কৰিব লগা হয়, তেন্তে ইয়াৰ অৰ্থ হ'ল- আল্লা বধিৰ''-এই মন্তব্য বিজেপি নেতা গৰাকীৰ।
এয়াই প্ৰথম নহয়, ইয়াৰ পূৰ্বেও বহু বাৰ ইশ্বৰাপ্পাই বিতৰ্কিত মন্তব্য় কৰি আহিছে।ইয়াৰ আগতে তেওঁ অষ্টাদশ শতিকাৰ মহীশূৰ শাসক টিপু চুলতানক "মুছলমান গুণ্ডা" বুলি উল্লেখ কৰিছিল।