/asomiyapratidin/media/media_files/2025/04/18/LpyHXE9YR29A1XcF04cA.jpg)
ডিজিটেল ডেস্কঃ শীঘ্ৰেই সলনি হ’ব বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি। তাৰোপৰি কেইবাখনো ৰাজ্যতো সলনি হ’ব দলটোৰ সভাপতি। ইতিমধ্যে কাৰ্যকাল উকলি গৈছে জে পি নড্ডাৰ। তেওঁৰ স্থানত কোনে পৰবৰ্তী পৰ্যায়ত দলটোক নেতৃত্ব দিব তাক লৈ আলোচনা অব্যাহত আছে গেৰুৱা শিবিৰত।
যোৱা কেইবামাহ ধৰি বিজেপিৰ পৰৱৰ্তী ৰাষ্ট্ৰীয় সভাপতি কোন হ’ব সেই সন্দৰ্ভত দলৰ ভিতৰত যিদৰে আলোচনা চলিছে ঠিক সেইদৰেই দলৰ বাহিৰতো এই বিষয়টো চৰ্চাত আছে। এই পদৰ বাবে কেইবাজনো জ্যেষ্ঠ বিজেপি নেতাৰ নামো চৰ্চালৈ আহিছে। সেই অনুসৰি জ্যেষ্ঠ বিজেপি নেতা শিৱৰাজ সিং চৌহান, মনোহৰলাল খট্টৰ, ধৰ্মেন্দ্ৰ প্ৰধানৰ নাম বিশেষভাৱে চৰ্চালৈ আহিছে।
দলটোৰ পৰৱৰ্তী নেতা কোন হ’ব সেই সন্দৰ্ভত আলোচনা কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বাসগৃহত উপস্থিত হয় জেপি নড্ডা। তাৰোপৰি এই বৈঠকত উপস্থিত থাকে গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক বি এল সন্তোষ আদি। তেওঁলোকৰ এই বৈঠকত বিজেপিৰ পৰৱৰ্তী ৰাষ্ট্ৰীয় সভাপতি কোন হ’ব সেই সন্দৰ্ভত আলোচনা হোৱাৰ উপৰিও কেন্দ্ৰীয় মন্ত্ৰীসভাৰ সম্প্ৰসাৰণক লৈয়ো আলোচনা হয়।
বৈঠকত পৰৱৰ্তী সভাপতি হিচাপে হাৰিয়ানাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মনোহৰলাল খট্টৰ, মধ্যপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহান, কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান, ভূপেন্দ্ৰ যাদৱ আদিৰ নাম আলোচনাত উঠিছে। যদিহে কেন্দ্ৰীয় মন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰি থৰা মনোহৰলাল খট্টৰ, ধৰ্মেন্দ্ৰ প্ৰধান, শিৱৰাজ সিং চৌহান, ভূপেন্দ্ৰ যাদৱ আদিৰ কোনোবা এজন সভাপতি হয় তেন্তে তেওঁ গ্ৰহণ কৰি থকা মন্ত্ৰীত্বৰ পদ ত্যাগ কৰিব লাগিব। ফলত তেওঁৰ স্থানত কাক মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰা হ’ব সেই বিষয়েও আলোচনা হৈছে বুলি জানিব পৰা গৈছে।
বৈঠকত এন ডি এত যোগদান কৰা এ ডি এম কেৰ কোনো সাংসদক মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰা হ’ব নেকি সেয়াও আলোচনা হৈছে। মোডীৰ তৃতীয় কাৰ্যাকালৰ মন্ত্ৰীসভাত দাবী অনুসৰি মন্ত্ৰীত্বৰ পদ নোপোৱাৰ বাবে শপত গ্ৰহণৰ পৰা বিৰত আছিল এন চি পি (শাৰদ পাৱাৰ) গোটৰ নেতা প্ৰফুল্ল পেটেলে। তেওঁক পুনৰ দাবী অনুসৰি মন্ত্ৰীত্বৰ পদ অৰ্পণ কৰাৰ সন্দৰ্ভতো আলোচনা হৈছে।
উল্লেখ্য যে, বিজেপি দলৰ নিয়ম অনুসৰি দলটোৰ ৰাষ্ট্ৰীয় সভাপতি তেতিয়াহে নিৰ্বাচন কৰা সম্ভৱ যেতিয়া দেশৰ অন্ততঃ ৫০ শতাংশ ৰাজ্য, কেন্দ্ৰীয় শাসিত অঞ্চলৰ সভাপতি নিৰ্বাচন সম্পূৰ্ণ হ’ব। এই পৰ্যন্ত কেন্দ্ৰীয় শাসিত অঞ্চল আৰু ৰাজ্য মিলাই ১৪ গৰাকী ৰাজ্যিক সভাপতিৰ নামহে চূড়ান্ত হৈছে। উত্তৰ প্ৰদেশ, মধ্যপ্ৰদেশ, কৰ্ণাটক, পশ্চিমবংগৰ দৰে বিশাল ৰাজ্যৰ সভাপতি নিৰ্বাচন হোৱা নাই যদিও সেই প্ৰক্ৰিয়া আৰম্ভ হৈছে।