ভাগ্য উদয় হ'ব কাৰ? বৃহস্পতিবাৰে ঘোষণা হ'ব ৰাজস্থান, মধ্যপ্ৰদেশ, ছত্তিশগড়ৰ নতুন মুখ্যমন্ত্ৰীৰ নাম...

ভাগ্য উদয় হ'ব কাৰ? বৃহস্পতিবাৰে ঘোষণা হ'ব ৰাজস্থান, মধ্যপ্ৰদেশ, ছত্তিশগড়ৰ নতুন মুখ্যমন্ত্ৰীৰ নাম...

author-image
Asomiya Pratidin
New Update
ভাগ্য উদয় হ'ব কাৰ? বৃহস্পতিবাৰে ঘোষণা হ'ব ৰাজস্থান, মধ্যপ্ৰদেশ, ছত্তিশগড়ৰ নতুন মুখ্যমন্ত্ৰীৰ নাম...

ভাগ্য উদয় হ'ব কাৰ? বৃহস্পতিবাৰে ঘোষণা হ'ব ৰাজস্থান, মধ্যপ্ৰদেশ, ছত্তিশগড়ৰ নতুন মুখ্যমন্ত্ৰীৰ নাম...

ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰে অনুষ্ঠিত হ'ব বিজেপিৰ সংসদীয় কমিটীৰ উচ্চস্তৰীয় বৈঠক। এই বৈঠকতে ৰাজস্থান, মধ্যপ্ৰদেশ আৰু ছত্তিশগড়ৰ নতুন মুখ্যমন্ত্ৰী নিৰ্বাচিত কৰা হ'ব।

Advertisment

উল্লেখ্য, যোৱা ৩ ডিচেম্বৰত প্ৰকাশ পাইছিল ৪ খন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ফলাফল। এই ফলাফল অনুসৰি ৰাজস্থান, মধ্যপ্ৰদেশ আৰু ছত্তিশগড়ত বিজেপিয়ে চৰকাৰ গঠন কৰিছিল। ইয়াৰে ৰাজস্থান আৰু ছত্তিশগড়ত আছিল কংগ্ৰেছৰ চৰকাৰ। মধ্যপ্ৰদেশত অৱশ্যে আছিল নিজা চৰকাৰ।

এই তিনি ৰাজ্যই মিলি লোকসভালৈ প্ৰেৰণ কৰে ৬৫ গৰাকী সাংসদ। সেয়ে এই তিনিওখন ৰাজ্যতে বিজেপিৰ চৰকাৰ গঠন হোৱাত লোকসভা নিৰ্বাচনত যে অধিক শক্তিশালী হৈ পৰিব সেয়া নিশ্চিত।

ইফালে বুধবাৰে দুজন কেন্দ্ৰীয়মন্ত্ৰীসহ ১০ জনকৈ বিজেপি সাংসদে পদত্যাগ কৰে। এই ১০ জন সাংসদেই তিনিওখন ৰাজ্যৰ নিৰ্বাচনত বিজয়ী হৈছে। স্মৰ্তব্য, ২৩০ খন আসনৰ মধ্যপ্ৰদেশত বিজেপিয়ে ১৬৩ খন আসন লাভেৰে একক সংখ্যাগৰিষ্ঠতা লাভ কৰিছে।

ৰাজ্যখনৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে অৱশ্যে নিজকে এইবাৰ মুখ্যমন্ত্ৰীৰ পদৰ প্ৰাৰ্থী নহয় বুলি উল্লেখ কৰিছে। বিজেপিয়েও তেওঁৱেই যে মুখ্যমন্ত্ৰী হিচাপে পুনৰ দায়িত্ব গ্ৰহণ কৰিব সেই কথাও উল্লেখ কৰা নাই। এইবাৰ ৰাজ্যখনত মুখ্যমন্ত্ৰী হিচাপে জ্যোতিৰাদিত্য সিন্ধিয়া, নৰেন্দ্ৰ সিং টোমাৰ, প্ৰহ্লাদ সিং পাটেলৰ নামো চৰ্চালৈ আহিছে।

সেইদৰে ১৯৯ খন আসনৰ ৰাজস্থানত বিজেপিয়ে এইবাৰ ১১৫ খন আসন লাভেৰে পুনৰ চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছে। ইয়াৰ পাছতে ৰাজ্যখনত মুখ্যমন্ত্ৰী হিচাপে চৰ্চালৈ আহিছে পূৰ্বৰ মুখ্যমন্ত্ৰী বসুন্ধৰা ৰাজে, দিয়া কুমাৰীৰ নাম। ইয়াৰোপৰি চৰ্চাত আছে ৰাজ্যবৰ্ধন সিং ৰাঠোড়ৰ নামো।

ইফালে ছত্তিশগড়ত মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব লাভ কৰিব বুলি চৰ্চাত আছে ৰামন সিং, অৰুণ চাও, অ' পি চৌধুৰী আৰু গোমটি ছাই। এই ৰাজ্যখনৰ ৯০ খন আসনৰ ভিতৰত বিজেপিয়ে ৫৪ খন আসন লাভেৰে চৰকাৰ গঠন কৰাৰ সুযোগ লাভ কৰিছে।

Also Read: কাছাৰত ২০১৬ ৰ পৰা ২০২৩ লৈ ৮১,৩৩০ টা PMAY গৃহ নিৰ্মাণ...

বিজেপি