কাছাৰত ২০১৬ ৰ পৰা ২০২৩ লৈ ৮১,৩৩০ টা PMAY গৃহ নিৰ্মাণ...

কাছাৰ জিলাত ২০১৬ ৰ পৰা ২০২৩ লৈ ৮১,৩৩০ টা PMAY গৃহ নিৰ্মাণ...
কাছাৰ জিলাত ২০১৬ ৰ পৰা ২০২৩ লৈ ৮১,৩৩০ টা PMAY গৃহ নিৰ্মাণ...

ডিজিটেল সংবাদ শিলচৰঃ বিগত ৩০ মাহত কাছাৰত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত সৰ্বমুঠ ৭২,০২৭ টা গৃহ নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰা হৈছে।‌ জিলাখনে ২০১৬-১৭ চনৰ পৰা ২০২১ চনলৈ ৩৮,৩৭৭ টা আৰু ২০২১ চনৰ পৰা চলিত বছৰৰ ৫ ডিচেম্বৰলৈ পুনৰ ৫৯,৬৮২ টা গৃহসহ মুঠ ৯৮,০৫৯ টা PMAY গৃহ নিৰ্মাণৰ অনুমোদন লাভ কৰিছিল।‌

ইয়াৰ ভিতৰত ২০১৬-১৭ চনৰ পৰা ২০২১ চনলৈ ৯,৩০৩ টা আৰু বিগত ৩০ মাহত ৭২,০২৭ টা সহ জিলাখনত আজি লৈ সৰ্বমুঠ ৮১,৩৩০ টা প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত ঘৰ নিৰ্মাণ কৰা হৈছে। বুধবাৰে নিজৰ কাৰ্যলয়ত আয়োজিত এক সংবাদ মেলত এই তথ্য সদৰি কৰে কাছাৰ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ৰঞ্জিত কুমাৰ লস্কৰে।

জিলাখনত ঘৰ নিৰ্মাণৰ হাৰ ৮৪ শতাংশ বুলি উল্লেখ কৰি বিষয়া জনে লগতে কয় কাছাৰ জিলা PMAY গৃহ নিৰ্মাণত ৰাজ্যৰ ভিতৰত দশম। ইফালে, কাছাৰ জিলাৰ ৮ টা ভূমিহীন পৰিয়ালক ধলাই সমষ্টিত চৰকাৰী ভূমিদান কৰি PMAY গৃহ নিৰ্মাণ কৰি দিয়াৰ লগতে ভবিষ্যতে আৰু কেবাটাও ভূমিহীন পৰিয়ালক চৰকাৰী ঘৰ নিৰ্মাণ কৰি দিয়া হ'ব বুলি সদৰি কৰে জিলা পৰিষদৰ CEO ৰঞ্জিত কুমাৰ লস্কৰে।

কাছাৰ জিলাত ২০১৬ ৰ পৰা ২০২৩ লৈ ৮১,৩৩০ টা PMAY গৃহ নিৰ্মাণ...
হাতী মানুহৰ সংঘাত নিৰাময়ৰ উদ্দেশ্যে খুমটাইৰ আৱৰঘাটত বিশেষ ৰাজহুৱা সভা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in