বলিউডৰ নীৰৱতাত কংগনাৰ ক্ষোভঃ CISF ৰ জোৱানৰ সমৰ্থনত কৃষক সংগঠন...

বিশাল দাদলানীয়ে কুলৱিন্দৰ কৌৰৰ বাবে যোগাৰ কৰিলে চাকৰি
বলিউডৰ নীৰৱতাত কংগনাৰ ক্ষোভঃ CISF ৰ জোৱানৰ সমৰ্থনত কৃষক সংগঠন...
বলিউডৰ নীৰৱতাত কংগনাৰ ক্ষোভঃ CISF ৰ জোৱানৰ সমৰ্থনত কৃষক সংগঠন...

ডিজিটেল ডেস্কঃ নতুনকৈ ৰাজনীতিত প্ৰৱেশ কৰিয়েই সাংসদ হিচাপে নিৰ্বাচিত হোৱা কংগনা ৰাণাউটৰ গালত পৰা চি আই এছ এফৰ মহিলা জোৱানৰ চৰে জোকাৰিছে দেশৰ ৰাজনীতিৰ সমান্তৰালকৈ কংগনাৰ পূৰ্বৰ কৰ্মস্থলী বলিউডক। হিমাচল প্ৰদেশৰ মাণ্ডিৰ পৰা নিৰ্বাচিত বিজেপি সাংসদগৰাকীয়ে চণ্ডিগড় বিমান বন্দৰত চৰ খোৱাৰ পিছত তেওঁ চি আই এছ এফৰ মহিলা জোৱানগৰাকীক সন্ত্ৰাসবাদী আখ্যা দিছে।

তেওঁ ইনষ্টাগ্ৰামত লিখিছিল ''আপুনি যেতিয়া কাৰোবাৰ ওপৰত সন্ত্ৰাসবাদীৰ আক্ৰমণ উদযাপন কৰিব পাৰে তেন্তে নিজেও এই দিনৰ বাবে প্ৰস্তুত থাকক। এই অপমান যিকোনো সময়ত পুনৰাবৃত্তি হ’ব পাৰে।'' অৱশ্যে পৰৱৰ্তী সময়ত তেওঁ এই পোষ্ট ডিলিট কৰে।

কিন্তু দেশজুৰি চৰ্চাৰ পাছতো বলিউডে এতিয়াও কংগনাৰ সপক্ষে থিয় নিদিয়া বিষয়টোৱে সমগ্ৰ দেশতে নতুনকৈ কংগনা কাণ্ডই চৰ্চা লাভ কৰিছে। আনকি বলিউডৰ অতি ব্যস্ত সংগীত শিল্পী বিশাল দাদলানীয়ে মুকলিকৈ কংগনাক চৰ মৰা চি আই এছ এফৰ জোৱানগৰাকীৰ সপক্ষেহে থিয় দিয়া পৰিলক্ষিত হৈছে। তেওঁ নিলম্বিত মহিলা জোৱানগৰাকীৰ প্ৰতি চাকৰিৰো ব্যৱস্থা কৰিছে।

ইফালে চাকৰিৰ পৰা নিলম্বন কৰি কংগনাক চৰ মৰা কুলৱিন্দৰ কৌৰক গ্ৰেপ্তাৰ কৰাৰ পাছতে তেওঁৰ সমৰ্থনত নামি পৰিছে কৃষক সংগঠনসমূহ। পঞ্জাৱৰ কৃষক সংগঠনসমূহে এই ঘটনাৰ নিৰপেক্ষ তদন্তৰ দাবীৰে অহা দেওবাৰে মোহালিত ন্যায় যাত্ৰা আহ্বান কৰিছে।

কৃষক সংগঠনসমূহৰ এনে তৎপৰতাৰ বিপৰীতে বলিউডৰ নীৰৱতাত ক্ষুন্ন হৈ পৰিছে কংগনা ৰাণাউট। তেওঁ সামাজিক মাধ্যমত লিখিছে, ''সকলোৰে দৃষ্টি ৰাফাহ গেঙৰ ওপৰত। এই ঘটনা আপোনাৰ বা আপোনাৰ সন্তানৰ সৈতেও ঘটিব পাৰে। আপুনি যেতিয়া কাৰো ওপৰত সন্ত্ৰাসবাদী আক্ৰমণ উদযাপন কৰিব পাৰে তেতিয়া হলে নিজেও সেই দিনৰ বাবে প্ৰস্তুত থাকক। এনে ঘটনা আপোনাৰ বাবেও আহিব।''

উল্লেখ্য যে, ৰাফাহত ইজৰাইলে আক্ৰমণ কৰাৰ প্ৰতিবাদত সম্প্ৰতি বলিউড অভিনেত্ৰী আলিয়া ভাট, প্ৰিয়ংকা চোপ্ৰা, কৰিণা কাপুৰ খানকে ধৰি বহু অভিনেত্ৰী আৰু অভিনেতা সৰৱ হৈছিল। তেওঁলোকে ৰাফাহৰ বাসিন্দাসকলৰ প্ৰতি সহমৰ্মিতা প্ৰকাশ কৰি সামাজিক মাধ্যমত ‘অল আইছ অন ৰাফাহ’ শীৰ্ষক পোষ্ট কৰিছিল।

সেই প্ৰসংগ টানি আনিয়েই কংগনাই বলিউডক আক্ৰমণ কৰি এইদৰে লিখিলে। ইয়াৰোপৰি আন এটা পোষ্টত তেওঁ লিখিছে, ''প্ৰিয় ছবি উদ্যোগ, আপোনালোক সকলোৱে হয় উদযাপন কৰিছে বা মোৰ ওপৰত বিমান বন্দৰত হোৱা আক্ৰমণৰ ঘটনাত সম্পূৰ্ণ নীৰৱ হৈছে। মনত ৰাখিব যদি আগন্তুক সময়ত আপুনি আপোনাৰ দেশ বা বিশ্বৰ অন্য প্ৰান্তত নিৰস্ত্ৰভাৱে খোজ কাঢ়ি আছে আৰু কিছুমান ইজৰাইলী/পেলেষ্টাইনীয়ে আপোনাক বা আপোনাৰ সন্তানক আক্ৰমণ কৰিছে।.. আপুনি দেখিব যে মই আপোনাৰ বাক স্বাধীনতাৰ বাবে যুঁজি আছো।''

এই দুয়োটা পোষ্টেই অৱশ্যে পৰৱৰ্তী সময়ত কংগনাই সামাজিক মাধ্যমৰ পৰা আঁতৰাই দিছে। কংগনাৰ ওপৰত হোৱা এই আক্ৰমণত বলিউডৰ নীৰৱতাৰো কাৰণ নোহোৱা নহয়। যোৱা সময়ছোৱাত কংগনাই বলিউডৰ প্ৰায়সকলক অভিনেতা, অভিনেত্ৰী, পৰিচালক, প্ৰযোজকৰ বিৰুদ্ধে খৰৱ হৈছিল। সঁচাই, মিছাই আনিছিল বহু অভিযোগ। কংগনাৰ এনে আচৰণত অতিষ্ঠ হৈছিল বলিউডৰ অধিকাংশ সদস্যই। যাৰ প্ৰমাণ তেওঁলোকৰ কথা-বতৰাত পোৱা গৈছিল।

অৱশ্যে কংগনাক আক্ৰমণ কৰা ঘটনাত সম্পূৰ্ণ বলিউড নীৰৱ বুলি কংগনাই কৰা অভিযোগো সত্য নহয়।অভিনেত্ৰী ৰবিনা টেণ্ডন, পৰিচালক বিবেক ৰঞ্জন অগ্নিহোত্ৰীয়ে এই ঘটনাক নিন্দা কৰিছে। বিবেক অগ্নিহোত্ৰীয়ে এক্সত লিখিছে, ''প্ৰত্যক বিবেকবান ব্যক্তিয়ে কংগনা ৰাণাউটৰ সৈতে ঘটা এই ঘটনাৰ নিন্দা কৰা উচিত। কাৰণ কেৱল বিবেকবানসকলেই বুজি পাব এয়া গণতন্ত্ৰৰ বাবে কিমান বিপদজনক।''

ৰবিনা টেণ্ডন আৰু বিবেক অগ্নিহোত্ৰীৰ সম্পূৰ্ণ বিপৰীত অৱস্থান কৰিছে সংগীত শিল্পী বিশাল দাদলানিয়ে। তেওঁ লিখিছে, ''মই কেতিয়াও হিংসাক সমৰ্থন নকৰোঁ। কিন্ত মই চি আই এছ এফৰ জোৱানগৰাকীৰ খঙৰ কাৰণ বুজিব পাৰিছোঁ। চি আই এছ এফে যদি তেওৰ বিৰুদ্ধে কোনো ব্যৱস্থা লয় তেন্তে মই তেওঁৰ চাকৰি নিশ্চিত কৰিম। যদিহে তেওঁ সেই চাকৰি গ্ৰহণ কৰিব বিচাৰে। জয় হিন্দ। জয় জোৱান, জয় কিষাণ।''

বিশালে ইনষ্টাগ্ৰাম ষ্টোৰিত পুনৰ লিখিছে ''যদি কৌৰক দায়িত্বৰ পৰা অব্যাহতি দিয়া হৈছে, তেন্তে কোনোৱে তেওঁৰ সৈতে অনুগ্ৰহ কৰি মোক যোগাযোগ কৰি দিয়ক। মই নিশ্চিত কৰিম তেওঁ ভাল স্থানত চাকৰি পাব।''

বিমান বন্দৰত কংগনাক চৰ মৰা জোৱান কুলৱিন্দৰ কৌৰ হৈছে কিষাণ মজদুৰ সংগ্ৰাম সমিতিৰ সাংগঠনিক সম্পাদক শ্বেৰ সিঙৰ ভগ্নী। দুই সন্তানৰ মাতৃ কুলৱিন্দৰৰ পৰিয়াল কৃষিকাৰ্যৰে জড়িত। কুলৱিন্দৰক চাকৰিৰ পৰা নিলম্বন কৰা আৰু তেওঁক গ্ৰেপ্তাৰৰ বিৰুদ্ধে কৃষক সংগঠনবোৰ ওলাই আহিছে। সংযুক্ত কিষাণ মৰ্চা আৰু কিষাণ মজদুৰ মৰ্চা কুলৱিন্দৰৰ কাষত থিয় দিছে।

সংযুক্ত কিষাণ মৰ্চাৰ এজন নেতা জগজিৎ সিং দাল্লেৱালে সংবাদ মাধ্যমৰ আগত কয়, "আমি সঠিক তদন্ত দাবী কৰিছো। এগৰাকী মহিলা কনিষ্টবলৰ প্ৰতি কোনো অন্যায় কৰা উচিত নহয়। কৃষকসকলে দেওবাৰে মোহালি এছ পি কাৰ্যালয়ৰ সন্মুখত 'ইনচাফ যাত্ৰা' উলিয়াব।

ইফালে ৰাজনৈতিক নেতাসকলেও এই ঘটনাৰ সন্দৰ্ভত মুখ খুলিবলৈ আৰম্ভ কৰিছে। শিৱসেনাৰ উদ্ধৱ ঠাকৰে গোটৰ নেতা সঞ্জয় ৰাউতে কয়, "কিছুমানে ভোট দিয়ে, কিছু চৰ মাৰে। সঁচাকৈয়ে কি হ'ল, মই নাজানো। যদি কনিষ্টবলগৰাকীয়ে কয় যে, তেওঁৰ মাক আন্দোলনত বহিছিল, তেন্তে এয়া সঁচা। যদি তেওঁৰ মাক কৃষক আন্দোলনৰ সৈতে জড়িত আৰু কোনোবাই ইয়াৰ বিৰুদ্ধে কিবা কয়, তেন্তে খং উঠাতো স্বাভাৱিক। যিসকল কৃষক আন্দোলনৰ সৈতে জড়িত আছিল তেওঁলোক ভাৰতৰে পুত্ৰ, কন্যা আছিল। যদি কোনোবাই ভাৰত মাতৃক অপমান কৰে আৰু কোনোবাই খং কৰে, তেন্তে এয়া চিন্তাৰ বিষয়।

আনহাতে কংগনাৰ হাতত পৰাজিত হোৱা মাণ্ডিৰ কংগ্ৰেছ প্ৰাৰ্থী বিক্ৰমাদিত্যই এই ঘটনাক গৰিহণা দিছে।

বলিউডৰ নীৰৱতাত কংগনাৰ ক্ষোভঃ CISF ৰ জোৱানৰ সমৰ্থনত কৃষক সংগঠন...
ৰামুজী ফিল্ম চিটিৰ অধ্যক্ষ ৰামুজী ৰাওৰ দেহাৱসানঃ চিনেমা উদ্যোগত শোক...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in