অক্সিজেন চিলিণ্ডাৰ আৰু মাস্ক লৈ বিধানসভালৈ আহিল বিধায়ক...

অক্সিজেন চিলিণ্ডাৰ আৰু মাক্স লৈ বিধানসভালৈ আহিল বিধায়ক...

author-image
Asomiya Pratidin
New Update
অক্সিজেন চিলিণ্ডাৰ আৰু মাস্ক লৈ বিধানসভালৈ আহিল বিধায়ক...

অক্সিজেন চিলিণ্ডাৰ আৰু মাস্ক লৈ বিধানসভালৈ আহিল বিধায়ক...

ডিজিটেল ডেস্কঃ সংঘাট তীব্ৰতৰ হৈ উঠিছে দিল্লীৰ অৰবিন্দ নেতৃত্বাধীন আপ চৰকাৰ আৰু লেফটেনেণ্ট গৰ্ৱনৰৰ মাজত। উল্লেখ্য যে, আজি এক হুলস্থুলীয়া পৰিৱেশৰ মাজত দিল্লী বিধানসভাৰ তিনিদিনীয়া অধিৱেশন স্থগিত ৰখা হয়।

Advertisment

ইয়াৰ পিছতেই মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে অভিযোগ উত্থাপন কৰে যে, দিল্লীৰ লেফটেনেণ্ট গৰ্ৱৰনৰে দিল্লী চৰকাৰৰ বহু কামত বাধা দিছে। যাৰ বাবে চৰকাৰে বহু কাম কৰিবলৈ গৈও কৰিব পৰা নাই।

এনে পৰিস্থিতি অৰবিন্দ কেজৰিৱালে আপৰ বিধায়কসকলক লগত লৈ লেফেটেনেণ্ট গৰ্ৱনৰক সাক্ষাৎ কৰিবলৈ গৈছে। এই বিষয়ত মুখ্যমন্ত্ৰী কেজৰিৱালে কয় যে, এল জি চাহাবে আমাৰ বহু কাম বন্ধ কৰি থৈছে। মই তেওঁক সংবিধান অনুসৰণ কৰিবলৈ অনুৰোধ জনাইছো।

ইফালে ইয়াৰ পূৰ্বে বিজেপিৰ বিধায়কসকলে আজি বিধানসভাৰ অধিৱশনলৈ মুখত অক্সিজেন মাস্ক আৰু দেহত অক্সিজেন চিলিণ্ডাৰ লৈ আহে। তেওঁলোকে দিল্লীৰ ভয়াবহ বায়ু প্ৰদূষণৰ বাবে এইদৰে অক্সিজেন চিলিণ্ডাৰ আৰু মাস্ক লৈ বিধানসভালৈ অহা বুলি উল্লেখ কৰে।

অৱশ্যে দিল্লী বিধানসভাৰ অধ্যক্ষই তেওঁলোকক অক্সিজেন চিলিণ্ডাৰ আৰু মাস্ক পৰিহাৰ কৰিবলৈ বাধ্য কৰায়।

ক্লিক কৰি পঢ়কঃ চিৰাঙৰ মইনাগুৰীত উলহ মালহেৰে মাগৌ দোমাসী উৎসৱ উদযাপন

Delhi Assembly arvind kejriwal