/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/2e951bb6-ca33-4cd6-876a-567af93fbaad/dance.jpg)
ডিজিটেল সংবাদ, চিৰাং : চিৰাং জিলাৰ মইনাগুৰীত চিদলীৰ বিধায়ক জয়ন্ত বসুমতাৰীৰ বাসগৃহৰ সন্মুখত মাগৌ দোমাসী পৰ্ব বা ভোগালী উৎসৱ পালন কৰে ৷ দোমাসী পৰ্ব মহোৎসৱ উপলক্ষে আজি ৰাতিপুৱাৰ ভাগৰ পৰা বিভিন্ন জাতি-জনগোষ্ঠীৰ লোক উপস্থিতত মাগৌ দোমাসী পৰ্ব উৎসৱ পালন কৰা পৰিলক্ষিত হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/a6aaa534-0c8c-45b5-895f-f1cfd6c248a2/WhatsApp_Image_2023_01_16_at_11_19_25_AM__1_.jpeg)
বড়ো জনগোষ্ঠী লোক সকলে পৰম্পৰাগত ধৰ্মীয় ৰীতি নীতিৰে অগ্নি দেৱতাক সেৱা কৰি মেজি জ্বলায়। চিদলী বিধানসভা সমষ্টিৰ বিধায়ক জয়ন্ত বসুমতাৰীয়ে অসমবাসী ৰাইজলৈ ভোগালী বিহু উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰি সকলো ৰাইজৰ পৰিয়ালৰ মাজত সুখ শান্তি, সমৃদ্ধি বৃদ্ধি কৰিব বুলি আশা ব্যক্ত কৰে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/d5b2869d-6706-4c45-9455-0843e4202551/WhatsApp_Image_2023_01_16_at_11_19_24_AM.jpeg)
আজিৰ অনুষ্ঠানত চিৰাঙৰ অতিৰিক্ত উপায়ুক্ত ৰিংখাং মুচাহাৰী, চিদলী-চিৰাং উন্নয়ন খণ্ডৰ বিষয়া কুমুদ নাৰ্জাৰী, বড়ো ৰাইট্ৰাৰ একাডেমীৰ সম্পাদক উমেশ ব্ৰহ্মই তেখেতৰ ভাষণত বড়ো সমাজত দোমাহীৰ তাৎপৰ্য লগতে অন্যান্য পৰম্পৰাগত উৎসৱ পাৰ্বনৰ ওপৰত সুন্দৰ মনোগ্ৰাহী ভাষণ প্ৰদান কৰে । আজিৰ এই মাগৌ দোমাহী ফৌৰ্ব অনুষ্ঠানত চিৰাং জিলাৰ বিভিন্ন জনগোষ্ঠীয় দল সংগঠনৰ নেতা কৰ্মীৰ লগতে সৰ্ব সাধাৰণ ৰাইজ উপস্থিত থাকে।