নীতিশ কুমাৰে প্ৰধানমন্ত্ৰী হোৱাৰ অলীক সপোন দেখা বাদ দিব লাগেঃ বিজেপি

দেওবাৰে অৰবিন্দ কেজৰিৱাল আৰু বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ মাজত এক বৈঠক অনুষ্ঠিত হয়।

author-image
Asomiya Pratidin
New Update
নীতিশ কুমাৰে প্ৰধানমন্ত্ৰী হোৱাৰ অলীক সপোন দেখা বাদ দিব লাগেঃ বিজেপি

ডিজিটেল ডেস্কঃ দেওবাৰে অৰবিন্দ কেজৰিৱাল আৰু বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ মাজত এক বৈঠক অনুষ্ঠিত হয়। ইয়াৰ অন্তত বিজেপিয়ে নীতিশ কুমাৰক কটাক্ষ কৰি মন্তব্য কৰা দেখা যায়। বিজেপিয়ে কয় যে প্ৰধানমন্ত্ৰী হোৱাৰ সপোন দেখা বাদ দি নিজৰ ৰাজ্যৰ কামত মন দিব লাগে।

Advertisment

নীতিশ কুমাৰে বিজেপি বিৰোধী দলসমূহৰ লগত মিত্ৰতা গঢ়ি তোলাৰ বাবে বিৰোধী নেতাসকলক সাক্ষাৎ কৰি আহিছে । অৰবিন্দ কেজৰিৱালকো লগ কৰে নেতা গৰাকীয়ে। বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ প্ৰেম শুক্লাই কয় যে নেতাসকলক লগ কৰাটো নীতিশ কুমাৰৰ অধিকাৰ কিন্তু তেওঁ নিজৰ ৰাজ্যৰ প্ৰতি মনোযোগ দিয়া নাই।

লগতে কয় যে, তেওঁ প্ৰধানমন্ত্ৰী হোৱাৰ অলীক সপোন দেখি আছে। তাৰ পৰিৱৰ্তে তেওঁ বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে নিজৰ দায়িত্ব পালন কৰা উচিত। এয়া তেওঁৰ সাংবিধানিক দায়িত্ব।

আন এগৰাকী বিজেপি নেতা সঞ্জয় মায়ুখে কয় যে নীতিশ কুমাৰে সপোনৰ পৃথিৱীৰ পৰা ওলাই আহিব লাগে। কিয়নো প্ৰধানমন্ত্ৰীৰ বাবে খালী পদ নাই। তেওঁ কয় যে, বিহাৰত অপৰাধ আৰু দুৰ্নীতিৰ পিনে ঠেলি দিয়াৰ বাবে তেওঁক কোনোৱে ক্ষমা নকৰিব।

Also Read: ২০২৪'ৰ নিৰ্বাচনত ১৪ সমষ্টিৰে প্ৰাৰ্থীত্ব দিব আপে

bihar nitish kumar