২০২৪'ৰ নিৰ্বাচনত ১৪ সমষ্টিৰে প্ৰাৰ্থীত্ব দিব আপে

 ২০২৪'ৰ নিৰ্বাচনত ১৪ সমষ্টিৰে প্ৰাৰ্থীত্ব দিব আপে

ডিজিটেল সংবাদ,গোলাঘাটঃ ৰাষ্ট্ৰীয় দলৰ মৰ্যদা লাভ কৰাৰ পাছত আম আদমি পাৰ্টীৰ অসম ৰাজ্যিক সমিতিৰ এখনি কাৰ্যনিৰ্বাহকৰ সভা দেওবাৰে পোন প্ৰথমবাৰৰ বাবে গুৱাহাটীৰ বাহিৰত অনুষ্ঠিত হয়। গোলাঘাট নগৰৰ নিকটৱৰ্তী ৰঙাজানত অনুষ্ঠিত হোৱা দলৰ ৰাজ্যিক সভাপতি ড০ ভবেন চৌধুৰীৰ পৌৰাহিত্যত অনুষ্ঠিত হোৱা এই কাৰ্যনিৰ্বাহক সভাত দলৰ তৃণমূল পৰ্যায়ৰ সাংগঠনিক কাম-কাজৰ পৰ্যালোচনা কৰা হয়।

এই সভাত অসমৰ বাবে নিয়োজিত দলৰ ৰাষ্ট্ৰীয় তত্ত্বাৱধায়ক ৰাজেশ শৰ্মাৰ উপস্থিতত অনুষ্ঠিত হোৱা সভাখনে দলৰ বিভিন্ন শাখা, যেনে মহিলা শক্তি, ছাত্ৰ শক্তি, যুৱ শক্তি আৰু সংখ্যালঘু শক্তিৰ কাম-কাজৰো পৰ্যালোচনা কৰাৰ লগতে ভবিষ্যতৰ কৰ্ম নিৰ্দ্ধাৰণ কৰা হয়।

আজিৰ কাৰ্যনিৰ্বাহকত ৰাভা হাচং, সোণোৱাল-কছাৰি, মিচিং, ডিমা হাচাও আৰু কোচ-ৰাজবংশী স্বাৰত্ত শাসিত পৰিষদৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবৰ বাবে ৰণকৌশল প্ৰস্তুত কৰা হয়। অন্যহাতে লোকসভা নিৰ্বাচনৰ সাম্ভাব্য প্ৰাৰ্থী নিৰ্বাচন কৰিবলৈ জিলা ভিত্তিত একোখনকৈ সমিতি গঠন কৰাৰ প্ৰস্তাৱ লোৱা হয়।

ইয়াৰ লগতে প্ৰতিমাহে ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ সভাখন আন আন জিলাত আয়োজন কৰিবলৈ প্ৰস্তাৱ লোৱা হয়। সেই সূত্ৰে পৰৱৰ্তী কাৰ্যনিৰ্বাহক সভাখন শোণিতপুৰ জিলা সমিতিৰ আতিথ্যত আয়োজন কৰা হ'ব বুলিও সভাই সিদ্ধান্ত গ্ৰহণ কৰে।

সভাত ৰাজ্যিক উপ সভাপতি ৰাজীৱ শইকীয়া, কমল মেধি, জীতুল ডেকা আৰু, সম্পাদক ভিক্টৰ গগৈকে আদি কৰি ৰাজ্যিক কাৰ্যনিবাহকৰ সকলো বিষয় ববীয়া আৰু সদস্য উপস্থিত থাকে। সভাৰ পাছত সংবাদ মাধ্যমক সম্বোধন কৰি দলৰ উপ-সভাপতি কমল মেধিয়ে কয় যে বিজেপি দলৰ ভ্ৰষ্টাচাৰ আৰু দুৰ্নীতিৰ বিৰুদ্ধে আপৰ সংগ্ৰাম অব্যাহত থাকিব।

ৰাজ্যখনৰ ৰাজনৈতিক দলৰ একাংশ নেতাই আপ আৰু বিজেপিৰ মাজত বুজাবুজি আছে বুলি অপপ্ৰচাৰ চলাই আছে বুলি উল্লেখ কৰি তেওঁ এনে নেতা সকলৰ অপপ্ৰচাৰত ভূল নাযাবলৈ ৰাইজৰ প্ৰতি আহ্বান জনায়। তেওঁ লগতে এনে অপপ্ৰচাৰ চলোৱা ৰাজনৈতিক নেতা সকলকো সকিয়নী প্ৰদান কৰে।

সংবাদ মেলত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰি আপৰ নেতৃত্বই কয় যে অসমৰ ১৪ লোকসভা সমষ্টিৰ লগতে আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ বাবেই টঙালি বান্ধিছে আপে।প্ৰয়োজনত অভিজ্ঞ থকা শিক্ষিত যুৱক যুৱতীকো লোকসভাত প্ৰাৰ্থীত্ব দিব আপে।

কেন্দ্ৰীয় নেতৃত্ব‌ই এতিয়াও সিদ্ধান্ত দিয়া নাই যদিও ইয়াৰ অৰ্থ এনে নহয় যে ৰাজ্যত বিজেপিক উৎখাত কৰিবলৈ আপে বিৰোধী দলৰ সৈতে মিত্ৰতা নকৰে।বিজেপিক উৎখাত কৰিবলৈ প্ৰয়োজনত সেই সিদ্ধান্ত‌ও ল'ব আম আদমী পাৰ্টীৰ ৰাজ্যিক নেতৃত্ব‌ই। কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈৰ সৰ্ম্পকও আপৰ নেতৃত্বই আৰু কয় যে গৌৰৱ গগৈয়ে লোকসভাত সৰৱ হ'লেও তেওঁ জন বিছিন্ন এগৰাকী নেতা।

অসমৰ ১৪ টা লোকসভা সমষ্টিৰ লগতে কলিয়াবৰতো গৌৰৱ গগৈৰ বিৰুদ্ধে আগন্তুক লোকসভা নিৰ্বাচনত প্ৰাৰ্থীত্ব দিব আপে।*অসম চৰকাৰক কঠোৰ সমালোচনা কৰি বিজেপিৰ নেতৃত্বই আৰু কয় যে গুৱাহাটীৰৃকে ধৰি তিনি জিলাত ১৪৪ ধাৰা জাৰি আৰু শিৱসাগৰত জাতীয় সংগঠনৰ নেতাক আন্দোলন বন্ধৰ বাবে বন্দ চহী কৰাই চৰকাৰে জনসাধাৰণৰ গণতান্ত্ৰিক অধিকাৰ খৰ্ব কৰিছে।

 ২০২৪'ৰ নিৰ্বাচনত ১৪ সমষ্টিৰে প্ৰাৰ্থীত্ব দিব আপে
কিয় গ্ৰেপ্তাৰ হোৱা নাই লীনা দলে? জোনমণিৰ ক্ষোভিত মাতৃৰ প্ৰশ্ন

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in