পৰিয়াল আৰু গাঁওবাসীৰ উপস্থিতিত বিজেপি নেতাক নিৰ্মমভাৱে হত্যা...

মাওবাদীৰ আক্ৰমণত প্ৰাণ গ'ল এগৰাকী বিজেপি নেতাৰ। প্ৰথমে আক্ৰমণ আৰু পাছত পৰিয়ালৰ সন্মুখতে অতি নিৰ্মমভাৱে হত্যা কৰে।
পৰিয়াল আৰু গাঁওবাসীৰ উপস্থিতিত বিজেপি নেতাক নিৰ্মমভাৱে হত্যা...

ডিজিটেল ডেস্ক: মাওবাদীৰ আক্ৰমণত প্ৰাণ গ'ল এগৰাকী বিজেপি নেতাৰ। প্ৰথমে আক্ৰমণ আৰু পাছত পৰিয়ালৰ সন্মুখতে অতি নিৰ্মমভাৱে হত্যা কৰে। এই ঘটনা ছত্তীশগড়ৰ বিজাপুৰৰ। হত্যাৰ বলি নেতা গৰাকীৰ নাম নীলকণ্ঠ কাক্কেম।

আৰক্ষীয়ে জনোৱা অনুসৰি ৫ ফেব্ৰুৱাৰীত নীলকণ্ঠ কাক্কেমক মাওবাদীয়ে চোকা অস্ত্ৰৰে আক্ৰমণ কৰি হত্যা কৰে। ১৫ বছৰ ধৰি বিজেপিৰ কৰ্মকৰ্তা হিচাপে কাম আছিল কাক্কেম।

আৰক্ষীয়ে জনোৱা অনুসৰি মাওবাদীয়ে কুঠাৰ আৰু অন্যান্য অস্ত্ৰৰে তেওঁক আক্ৰমণ কৰিছিল। যাৰ বাবে ঘটনাস্থলীতে মৃত্যু হৈছিল বিজেপি নেতা গৰাকীৰ।

নীলকণ্ঠ কাক্কেমৰ পত্নী ললিতা কাক্কেমে কয় যে তিনিজন লোকে নীলকণ্ঠক বলপূৰ্বক ঘৰৰ বাহিৰলৈ লৈ গৈছিল। তাৰ পাছতে পৰিয়ালৰ সদস্য আৰু আন গাওঁবাসীৰ উপস্থিতিত চোকা অস্ত্ৰৰে আক্ৰমণ কৰি তেওঁক হত্যা কৰিছিল।

প্ৰাপ্ত তথ্য অনুসৰি আক্ৰমণটো সংঘটিত কৰিবলৈ গাওঁখনত ১৫০ তকৈও অধিক সশস্ত্ৰ মাওবাদী উপস্থিত হৈছিল। আৰু তেওঁলোকে তিনিজন বিজেপি নেতাৰ ঘৰত উপস্থিত হৈছিল আৰু কাক্কেমক আক্ৰমণ কৰিছিল। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।

আৰু পঢ়ক: বিশিষ্ট সাহিত্যিক ড০ নাহেন্দ্ৰ পাদুন অসুস্থ, আই চি ইউত ভৰ্তি...

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in