বিশিষ্ট সাহিত্যিক ড০ নাহেন্দ্ৰ পাদুন অসুস্থ, আই চি ইউত ভৰ্তি...

বিশিষ্ট সাহিত্যিক ড০ নাহেন্দ্ৰ পাদুন অসুস্থ। শ্বাস-প্ৰশ্বাসজনিত কাৰণত বিগত ৪ দিন ধৰি শিৱসাগৰৰ প্ৰগতি নাৰ্ছিং হোমত চিকিৎসাধীন হৈ আছে সাহিত্যক গৰাকী।

author-image
Asomiya Pratidin
New Update
 বিশিষ্ট সাহিত্যিক ড০ নাহেন্দ্ৰ পাদুন অসুস্থ, আই চি ইউত ভৰ্তি...

বিশিষ্ট সাহিত্যিক ড০ নাহেন্দ্ৰ পাদুন অসুস্থ, আই চি ইউত ভৰ্তি...

ডিজিটেল ডেস্ক: বিশিষ্ট সাহিত্যিক ড০ নাহেন্দ্ৰ পাদুন অসুস্থ। শ্বাস-প্ৰশ্বাসজনিত কাৰণত বিগত ৪ দিন ধৰি শিৱসাগৰৰ প্ৰগতি নাৰ্ছিং হোমত আইচিইউত চিকিৎসাধীন হৈ আছে সাহিত্যক গৰাকী।

Advertisment

যোৱা নিশা পাদুুনৰ স্বাস্থ্যৰ কিছু উন্নতি ঘটে যদিও এতিয়াও সংকটমুক্ত নহয় বুলি চিকিৎসকে জনাইছে। বৰ্তমান তেওঁৰ বয়স প্ৰায় ৮২ বছৰ। পাদুনে অসম সাহিত্য সভাৰ সভাপতি পদৰো প্ৰাৰ্থী আছিল। তেওঁ প্ৰায় ৫০ টা ভোট লাভ কৰিছিল।

১৯৪১ চনত মুৰ্কংচেলেক ৰিগিবি গাঁৱত জন্ম গ্ৰহণ কৰা অসমৰ বৰেণ্য সাহিত্যিক গৰাকীয়ে বিগত পাঁচটা দশক জুৰি অসমৰ শিক্ষা, সাহিত্য আৰু সমাজ জীৱনলৈ প্ৰভূত বৰঙণি আগবঢ়াই আহিছে।

অসমৰ অন্যতম ভূমি পুত্ৰ মিছিং জনগোষ্ঠীৰ সমাজ আৰু সংস্কৃতিৰ বিষয়ত গৱেষণা তথা একে সময়তে মাদুৰাই বিশ্ববিদ্যালয়ৰ অধীনত ভাষা বিজ্ঞান চৰ্চালৈ অৰিহণা আগবঢ়াইছে এই গৰাকী সাহিত্যিকে। পাদুনে কুৰিখনৰো অধিক মৌলিক গ্ৰন্থ আৰু অসংখ্য সম্পাদিত গ্ৰন্থৰে অসমীয়া সাহিত্য সংস্কৃতিক সমৃদ্ধ কৰাৰ লগতে মিচিং ঐনিতম অনুবাদেৰে অসমীয়া কবিতাৰ জগতক সমৃদ্ধ কৰিছে।

আৰু পঢ়ক: প্ৰকাশ হ'ব মঙল গ্ৰহৰ ৰহস্য, উভতি আহিব পাৰ্চিভেৰেঞ্চ

Asam Sahitya Sabha nahendra padun