১৪০ কোটিৰ দেশবাসীয়ে মোৰ পৰিয়ালঃ প্ৰধানমন্ত্ৰী মোডী

১৪০ কোটিৰ দেশবাসীয়ে মোৰ পৰিয়ালঃ প্ৰধানমন্ত্ৰী মোডী

author-image
Asomiya Pratidin
New Update
১৪০ কোটিৰ দেশবাসীয়ে মোৰ পৰিয়ালঃ প্ৰধানমন্ত্ৰী মোডী

ডিজিটেল ডেস্কঃ বিজেপিৰ প্ৰায় প্ৰতিগৰাকী জ্যেষ্ঠ নেতাই ছ'চিয়েল মিডিয়াত নামৰ লগত সংযোগ কৰিছে বিশেষ এক শাৰী। নিজৰ ছ'চিয়েল মিডিয়াত নামৰ পাছত ''মোডী কা পৰিবাৰ''(মোডীৰ পৰিয়াল) বুলি লিখিছে নেতাসকলে। আৰজেডি নেতা লালু প্ৰসাদ যাদৱৰ এক মন্তব্যৰ বিৰোধিতা কৰি এই পদক্ষেপ গ্ৰহণ কৰিছে নেতাসকলে।

Advertisment

সোমবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয় তেলেংগানাৰ অদিলাবাদত এক জনসভা সম্বোধন কৰি লালু প্ৰসাদ যাদৱক কটাক্ষ কৰিছিল। মোডীয়ে কৈছিল- "মোক মোৰ পৰিয়ালৰ বাবে লক্ষ্য কৰা হৈছিল। কিন্তু এতিয়া সমগ্ৰ দেশে কৈছে যে মই মোডীৰ পৰিয়াল," । তেওঁ কয় যে পাৰিবাৰিক দলৰ মুখবোৰ বেলেগ হ'ব পাৰে কিন্তু চৰিত্ৰটো একে। তেওঁলোকৰ চৰিত্ৰত দুটা শক্তিশালী বস্তু আছে, এটা মিছা আৰু আনটো হৈছে ডকাইতি।

তেওঁ কয় যে, আজি সমগ্ৰ দেশে মোডীৰ গেৰান্টীৰ ওপৰত আলোচনা কৰে। সকলোৱে জানে মোডীৰ গেৰান্টী পূৰণ হ'ব।

মোডীয়ে কয়, মোৰ জীৱনটো এটা খোলা কিতাপৰ দৰে। মই শৈশৱতে এটা সপোন লৈ ঘৰ এৰিছিলো যে মই দেশবাসীৰ বাবে জীয়াই থাকিম। মোৰ প্ৰতিটো পল আপোনালোকৰ বাবে। মোৰ কোনো ব্যক্তিগত সপোন নাই। আপোনালোকৰ সপোনেই মোৰ সংকল্প। আপোনালোকৰ সপোন পূৰণ কৰিবলৈ জীৱন ত্যাগ দিম। দেশৰ কোটি কোটি জনতাই মোক নিজৰ বুলি ভাৱে। নিজৰ পৰিয়ালৰ সদস্য বুলি ভাৱে। ১৪০ কোটিৰ দেশবাসীয়ে মোৰ পৰিয়াল।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে লালু প্ৰসাদ যাদৱে মোডীক কটাক্ষ কৰি মন্তব্য কৰিছিল। তেওঁ মোডীৰ মাতৃৰ মৃত্যু সন্দৰ্ভত মন্তব্য কৰি কৈছিল যে, মোডী কি? মোডী কোনো বস্তু নহয়, মোডীৰ ওচৰত পৰিয়ালে নাই। আৰে ভাই! কোৱানা তোমাৰ পৰিয়ালৰ কোনো সন্তান কিয় নাই?

Also Read: এষাৰ মাত, এসাঁজ ভাত...

jp nadda amit shah narendra modi bjp