এষাৰ মাত, এসাঁজ ভাত...

এষাৰ মাত, এসাঁজ ভাত...

ৰাজনীতি আৰু ব্যক্তিগত সম্বন্ধৰ মাজত পাৰ্থক্য আছে। বিৰোধী দলৰ নেতাক শাসকীয় দলৰ নেতাই শ্ৰদ্ধা, সন্মান কৰাতো আমাৰ সভ্যতা, সংস্কৃতিৰেই এক পৰম্পৰা। সেই পৰম্পৰাৰে দেশৰ ৰাজনৈতিক বুনিয়াদ গঢ় লৈ উঠিছিল।

নিৰ্বাচনৰ প্ৰাক-মুহুৰ্তত বহু খবৰ, বহু কথা চৰ্চা হয়। সেই কথাবোৰৰ বা খবৰবোৰৰ অন্তৰালত লুকাই থকা উদ্দেশ্যবোৰ সাধাৰণ মানুহে সহজতে বুজি উঠিব নোৱাৰে। কিন্তু তেনে খবৰবোৰে কাৰোবাক লাভান্বিত কৰে আৰু আন কাৰোবাক ক্ষতি কৰে।

ডিব্ৰুগড় লোকসভা সমষ্টিত লুৰিণজ্যোতি গগৈয়ে প্ৰতিদ্বন্দ্বিতা কৰিব বুলি চৰ্চাৰ তুংগত উঠাৰ সময়তে আন এক খবৰ বিয়পি পৰিল। সৰ্বানন্দ সোনোৱাল বিজেপিৰ প্ৰাৰ্থী হোৱাতো নিশ্চিত হোৱাত লুৰিণজ্যোতি গগৈয়ে বিকল্পৰ সমষ্টিৰ কথা চিন্তা কৰিছে।

লখিমপুৰ লোকসভা সমষ্টিত লুৰিণজ্যোতি গগৈ প্ৰাৰ্থী হ'ব বুলি বিজেপিয়ে অতি কৌশলী প্ৰচাৰ চলাইছিল। এয়া নিৰ্বাচনৰেই এক অস্ত্ৰ। এনে প্ৰচাৰে প্ৰাৰ্থীজনক দুৰ্বল বুলি প্ৰতিষ্ঠা কৰাৰ লগতে তেওঁৰ সমৰ্থকসকলকো বিবুধিত পেলায়।

ইয়াৰ সৈতে যদি লুৰিণজ্যোতি গগৈ দলৰ কোনো নেতাৰ ফোনকলৰ ৰেকৰ্ডিং ভাইৰেল কৰি ইয়াক সঁচা বুলি তথ্য দাঙি ধৰা হয় তেন্তে সাধাৰণ মানুহে সেই খবৰেই বিশ্বাস কৰিব লয়। এই অৰ্ধ সত্য খবৰবোৰো ৰাজনৈতিক ক্ষেত্ৰখনত অস্ত্ৰ হৈ পৰে।

নিৰ্বাচনৰ প্ৰাকক্ষণত এনে খবৰ অস্বীকাৰ কৰি ডিব্ৰগড়তেই নিৰ্বাচন খেলিব বুলি লোৱা সিদ্ধান্তত অটল বুলি জনালে লুৰিণজ্যোতি গগৈয়ে। এইটো এটা উদাহৰণহে। তেনে বহু উদাহৰণ আছে যিবোৰে নিৰ্বাচনী গতিবিধি সলনি কৰিব পাৰে।

প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে তেওঁৰ তৃতীয়টো কাৰ্যকাল শাসনলৈ অহা আঁৰতো আছিল তেওঁৰ মুখৰ এক উক্তি। নিৰ্বাচনৰ প্ৰাকক্ষণত ''হু ইজ বদৰুদ্দিন'' বুলি গগৈয়ে কৰা মন্তব্যত ভোটাৰ ৰাইজে গগৈৰ স্থিতিক লৈ এক ধাৰণা কৰিছিল।

আন এক দৃশ্য ৩ মাৰ্চ , ২০২৪ ত ৰাইজে দেখা পালে কাজিৰঙাৰ জাতীয় অৰ্কিড উদ্যানত। সততে বিধানসভা বা সংবাদ মাধ্যমৰ সন্মুখত অখিল গগৈ আৰু মন্ত্ৰী পিযুষ হাজৰিকাৰ তীব্ৰ বাক্যবান দেখিবলৈ পোৱা যায়।

এই জাতীয় উদ্যানত আলহী হ'লগৈ মন্ত্ৰী পিযুষ হাজৰিকা। অখিল গগৈয়ে তেওঁৰ তত্বাৱধানত গঢ় লৈ উঠা এই জাতীয় উদ্যানত মন্ত্ৰী হাজৰিকাক ভালদৰে অপ্যায়ন কৰিলে। যোৰহাটলৈ গৈ থকা পথত অখিল গগৈলৈ মন্ত্ৰী পিযুষ হাজৰিকাই ফোন কৰি অৰ্কিড উদ্যানত সোমাই তৃপ্তিৰে এসাঁজ খালে।

মন্ত্ৰী গৰাকীৰ পৰা আন দৰ্শনাৰ্থীৰ দৰে সেই ভাত সাঁজৰ বাবে কোনো ধন গ্ৰহণ নকৰিলে অখিল গগৈয়ে। তাৰবাবে অখিল গগৈক ধন্যবাদ জনালে হাজৰিকাই। সংবাদ মাধ্যমৰ সন্মুখত মন্ত্ৰী হাজৰিকাই কোৱা কেইটামান কথাই বহু কথা যেন বুজাই দিলে।

অৰ্কিড উদ্যানখনৰ ভিতৰভাগত সংগ্ৰহ কৰি থোৱা বিভিন্ন সা-সামগ্ৰী পৰিদৰ্শন কৰিলে মন্ত্ৰীগৰাকীয়ে। অখিল গগৈয়েও মন্ত্ৰী হাজৰিকাক নিজেই উদ্যোগ লৈ দেখুৱালে অৰ্কিড উদ্যানৰ গছ-বন।

অৰ্কিড উদ্যানৰ ভিতৰত দুয়ো খোজ কাঢ়ি গৈ থাকোতে পতা কথাও কিছু ভিডিঅ'ত বন্দী হল। তাৰ কিছু আভাস এনে ধৰণৰ-

অখিল: হয়নে নহয় কওক ! এ ভাল পাই বেয়া পায় বাদ দিয়ক কোনোবাই

পিযুষ: সম্পৰ্কটো কেনেকৈ বেয়া হ'ব ভাই, ব্যক্তিগত সম্পৰ্কটো ! পলিটিক্স বেলেগ বস্তু

অখিল: ও সেইটোৱে তুমি মোক পলিটিক্সত স্পেয়াৰ কৰিবা নে তোমাক কৰিম হাঃহা?

পিযুষ: ও সেইটোৱেই...

শাসক বিৰোধী বিধায়কৰ মাজৰ এনে সৌহাদ্যপূৰ্ণ সম্পৰ্ক দেখি ভাল লাগে। যদিহে তাত ৰাজনীতি বা আন গোপন লক্ষ্য, উদ্দেশ্য নিহিত হৈ নাথাকে। অখিল গগৈ এজন পৰিপক্ক কৃষক নেতা বুলিয়েই বহুতে এতিয়া ভাৱে। যদিও তেওঁ সেই পৰিপক্কতা বিভিন্ন সময়ত ধৰি ৰাখিব নোৱাৰে।

এই ব্যক্তিগত সম্পৰ্কৰ জৰিয়তেও ৰাজনীতি হ'ব পাৰে। কিয়নো এসময়ত অখিল গগৈৰ বহু ঘনিষ্ঠ লোকে অখিল গগৈৰ আচল স্বৰূপৰ সন্দৰ্ভত আঙুলি তুলি থৈ গৈছে। আনকি ৰাইজৰ দলৰ কোনো নেতাই অতি ব্যক্তিগতভাৱে থকা সম্পৰ্কৰ সূত্ৰে কোনোবা হোটেলত বহি চাহ একাপ খোৱাৰ খবৰো অখিল গগৈক দিয়া মানুহ আছে। আৰু সেই প্ৰাক্তন ৰাইজৰ দলৰ নেতাক ধেমালী সূত্ৰে হ'লেও অখিল গগৈয়ে জবাবদিহী কৰাৰ নজিৰ আছে।

ব্যক্তিগত সম্পৰ্কবোৰৰ গইনা লৈ এক ৰাজনীতিক বাৰ্তা সাধাৰণ মানুহৰ মাজলৈ দিয়া এই কৌশল আমাৰ দৰে সাধাৰণ মানুহে বুজি নোপোৱাতোৱেই স্বাভাৱিক। তাৰ মাজতে নিৰ্বাচনৰ প্ৰাকক্ষণৰ এনে মহৰম-দহৰমে সন্দেহৰ বীজ ৰোপন কৰে।

যোৰহাট বা ডিব্ৰুগড় লোকসভা সমষ্টিৰ বাবে বিজেপিয়ে বহু অদৃশ্য ৰণকৌশল নিশ্চয় প্ৰস্তুত কৰিছে। সেই ৰণকৌশল প্ৰয়োগৰ এক মাধ্যম অখিল গগৈ হৈছে নেকি বুলিও মানুহৰ মাজত আলোচনা চলিছে।

ৰাজনীতিৰ এনে ব্যস্ততাপূৰ্ণ সময়ত ব্যক্তিগত সম্পৰ্কবোৰো ৰাজনীতিৰেই অংশ হৈ পৰে।সেই আভাসহে সাধাৰণ ভোটাৰে নাপায়। ৰাজনৈতিক শিখণ্ডী আগতেও আছিল, এতিয়াও নিশ্চয় আছে।

এষাৰ মাত, এসাঁজ ভাত...
এইবাৰ উদ্যোগপতি...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in