/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/61052dbd-0859-4bf0-8711-346471d9e4ea/AP_FOR_WEB_bjp_.jpg)
অসমৰ ১১ টা লোকসভা সমষ্টিৰ বাবে বিজেপিৰ প্ৰাৰ্থী ঘোষণা...
ডিজিটেল ডেস্কঃ আজি দিল্লীত বিজেপিৰ শীৰ্ষ নেতৃত্বই আনুষ্ঠানিকভাৱে ঘোষণা কৰিলে অসমৰ ১১ খন আসনৰ বাবে বিজেপিৰ প্ৰাৰ্থী তালিকা। মুঠ ১৪ খন আসনৰ ভিতৰত বিজেপিয়ে ২ খন আসন ক্ৰমে বৰপেটা আৰু ধুবুৰী লোকসভা সমষ্টি এজিপিক আৰু কোকৰাঝাৰ সমষ্টি ইউ পি পি এলক এৰি দিয়াৰ পৰিপ্ৰেক্ষিতত এই ৩ টা সমষ্টিক বাদ দি বাকী কেইটা সমষ্টিৰ প্ৰাৰ্থী তালিকা ঘোষণা কৰিছে।
পূৰ্বে আমি প্ৰকাশ কৰাৰ দৰেই ১১ টা সমষ্টিত বিজেপিৰ প্ৰাৰ্থী তালিকা ঘোষণা হ'ল। সেই অনুসৰি ডিব্ৰুগড় লোকসভা সমষ্টিৰ বাবে বিজেপিয়ে ঘোষণা কৰিলে সৰ্বানন্দ সোণোৱালৰ নাম। ৰাজ্যসভাৰ সাংসদ হিচাপে কেন্দ্ৰীয় মন্ত্ৰী হিচাপে দায়িত্ব পালন কৰি থকা সোণোৱালৰ প্ৰাৰ্থীত্বক লৈ চলি আছিল বিভিন্ন চৰ্চা। অৱশেষত সোণোৱালক লখিমপুৰত প্ৰাৰ্থীত্ব প্ৰদান কৰাৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰা হ'ল।
সেইদৰে সাংসদ প্ৰদান বৰুৱা আৰু তপন গগৈক তেওঁলোকৰ বৰ্তমানৰ সমষ্টি লখিমপুৰ আৰু যোৰহাট সমষ্টিতে প্ৰাৰ্থীত্ব প্ৰদান কৰিছে। ডিফু সমষ্টিত হৰেন সিং বেৰ স্থানত অমৰ সিং টিচ'ক প্ৰাৰ্থীত্ব প্ৰদান কৰিছে। পূৰ্বৰ মঙ্গলদৈ আৰু এতিয়াৰ দৰং-ওদালগুৰি সমষ্টিত প্ৰাৰ্থীত্ব প্ৰদান কৰা হৈছে সাংসদ দিলীপ শইকীয়াক।
গুৱাহাটী লোকসভা সমষ্টিত বিজেপিয়ে কুইন ওজাৰ স্থানত প্ৰাৰ্থীত্ব প্ৰদান কৰিছে বিজুলী কলিতা মেধিক। শিলচৰ লোকসভা সমষ্টিত পৰিবহণ মন্ত্ৰী পৰিমল শুক্লবৈদ্যক প্ৰাৰ্থীত্ব প্ৰদান কৰাৰ বিপৰীতে কৰিমগঞ্জ লোকসভা সমষ্টিত কৃপানাথ মাল্লাকে প্ৰক্ষেপ কৰিছে।
নগাওঁ লোকসভা সমষ্টিত কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান কৰা সুৰেশ বৰাক প্ৰাৰ্থীত্ব প্ৰদান কৰাৰ বিপৰীতে তেজপুৰ লোকসভা সমষ্টিত বিহালীৰ বিধায়ক, বিজেপিৰ প্ৰাক্তন ৰাজ্যিক সম্পাদক ৰঞ্জিত দত্তক প্ৰাৰ্থীত্ব প্ৰদান কৰিছে। সেইদৰে নৱ গঠিত কাজিৰঙা সমষ্টিত প্ৰাৰ্থীত্ব প্ৰদান কৰিলে সাংসদ কামাখ্যা প্ৰসাগ তাছাক।
Also Read: দময়ন্তী দেৱীৰ প্ৰথম মৃত্যু বাৰ্ষিকী উপলক্ষে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান...