বিজেপিৰ নিৰ্বাচনী কমিটীৰ বৈঠক অব্যাহতঃ প্ৰকাশ পাব প্ৰথমখন প্ৰাৰ্থী তালিকা

অসমৰ পৰা হিমন্ত বিশ্ব শৰ্মা, ভৱেশ কলিতাৰ অংশগ্ৰহণ

author-image
Asomiya Pratidin
New Update
উপ নিৰ্বাচনক লৈ সাজু শাসকীয় দলঃ ৫ সমষ্টিৰ দায়িত্ব প্ৰদান নেতা-বিধায়কক

বিজেপিৰ নিৰ্বাচনী কমিটীৰ বৈঠক অব্যাহতঃ প্ৰকাশ পাব প্ৰথমখন প্ৰাৰ্থী তালিকা

ডিজিটেল ডেস্কঃ দিল্লীত অনুষ্ঠিত হৈছে বিজেপিৰ নিৰ্বাচনী কমিটীৰ গুৰুত্বপূৰ্ণ বৈঠক। এই বৈঠকতে চূড়ান্ত হ'ব বিভিন্ন সমষ্টিৰ বাবে বিজেপিৰ প্ৰাৰ্থী। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা এই বৈঠকত গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নড্ডাসহ বিজেপিৰ নিৰ্বাচনী কমিটীৰ নেতৃত্ব উপস্থিত আছে।

Advertisment

ইয়াৰোপৰি আছে কেইবাখনো ৰাজ্যৰ মুখ্যমন্ত্ৰী। আনহাতে অসমৰ পৰা এই বৈঠকত উপস্থিত আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা।

উল্লেখ্য যে, অসমৰ মুঠ ১৪ টা লোকসভা সমষ্টিৰ ভিতৰত ১১ টা সমষ্টিত বিজেপিয়ে প্ৰাৰ্থীত্ব প্ৰদান কৰিব। আজিৰ বৈঠকৰ অন্তত বিজেপিয়ে প্ৰথমখন প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিব।

এই তালিকাত সেইসকল নেতায়েহে স্থান লাভ কৰিব যিসকল গুৰুত্বপূৰ্ণ বিষয়বাবত আছে আৰু জনপ্ৰিয় নেতা হিচাপে পৰিচিত। এই প্ৰথমখন তালিকাত অসমৰো কেইবাখনো আসনৰ বাবে প্ৰাৰ্থী তালিকা ঘোষণা কৰিব।

Also Read: ছাত্ৰ হৰ্ষ হিল্লোললৈ কলাৰত্ন পদক...

লোকসভা নিৰ্বাচন বিজেপি