/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/f20a0a24-93f1-403a-9d6b-5427efe0cde4/AP_FOR_WEB_modi_meeting.jpg)
সন্মুখত নিৰ্বাচনঃ বিজেপিয়ে আজি ঘোষণা কৰিব প্ৰাৰ্থী....
ডিজিটেল ডেস্কঃ সন্মুখত নিৰ্বাচন। তাৰ মাজতে আজি অনুষ্ঠিত হ’ব বিজেপিৰ শীৰ্ষ নিৰ্বাচন কমিটীৰ বৈঠক। আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ সভাপতি জে পি নড্ডা, ৰাজনাথ সিং, বি এল সন্তোষকে ধৰি জ্যেষ্ঠ সদস্যৰ উপস্থিত অনুষ্ঠিত হ’ব এই বৈঠক।
এই বৈঠকতে আজি পৰৱৰ্তী নিৰ্বাচনৰ বাবে প্ৰাৰ্থীও নিৰ্বাচন কৰা হ’ব বুলি জানিব পৰা গৈছে। উল্লেখ্য যে, কৰ্ণাটক বিধানসভা নিৰ্বাচনৰ বাবে সম্পূৰ্ণৰূপে দলটো প্ৰস্তুত হৈছে।
নিৰ্বাচনলৈ মাজত ৩১ দিন থকাৰ অৱস্থাতে কংগ্ৰেছেও দেওবাৰে গ্ৰহণ কৰিছে এক বৃহৎ সিদ্ধান্ত। দলটোৱে বি এন চন্দ্ৰপাক ৱৰ্কিং কমিটীৰ সভাপতি হিচাপে নিয়োগ কৰিছে।
মন কৰিবলগীয়া যে, কৰ্ণাটকৰ বৰ্তমানৰ চৰকাৰৰ কাৰ্যকাল ২৪ মে’ত অন্ত পৰিব। ইতিমধ্যে নিৰ্বাচন আয়োগে ৰাজ্যখনৰ নিৰ্বাচনৰ দিন ঘোষণা কৰিছে। সেই অনুসৰি ১০ মে’ত অনুষ্ঠিত হ’ব ৰাজ্যখনৰ নিৰ্বাচন।
১৩ মে’ত ঘোষণা হ’ব নিৰ্বাচনী ফলাফল। ৫.২১ কোটি জনতাৰ ৰাজ্যখনত আছে ২২৪ টা বিধানসভাৰ সমষ্টি। ৰাজ্যখনত শাসনৰ বাবে এটা ৰাজনৈতিক দলক প্ৰয়োজন ১২৩ খন আসনৰ।
এইবাৰ ৰাজ্যখনত ৰাজনৈতিক যুঁজখন মুলতঃ বিজেপি, কংগ্ৰেছ, জে ডি এছৰ মাজতেই হ’ব বুলি ধাৰণা কৰা হৈছে। পূৰ্বে কংগ্ৰেছ আৰু জেডিএছে একত্ৰিত ভাৱে নিৰ্বাচনত অৱতীৰ্ণ হৈছিল যদিও এইবাৰ দুয়োটা দলে পৃথকে নিৰ্বাচনত প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে।
Also Read: বজাৰত এইবোৰ কি গামোচা?