/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/248b4b23-ad66-4935-b059-2f8be76f8487/AP_FOR_WEB_kejriwal_modi.jpg)
কেজৰিৱালৰ খৰচ ৪৫ কোটি, নৰেন্দ্ৰ মোডীৰ খৰচ ৩২ হাজাৰ কোটিৰো অধিক...
ডিজিটেল ডেস্কঃ অসমীয়াত এষাৰ কথা আছে। নিজে খন্দা খালত নিজে পৰে মৰি। এই কথাই পুনৰ প্ৰমাণ হ'ল দিল্লীত। অৰবিন্দ কেজৰিৱালক বিপদত পেলাবলৈ গৈ নিজেই বিপদত পৰিল বিজেপি।
দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ চৰকাৰী বাস ভৱনৰ সৌন্দৰ্যবৰ্ধনৰ নামত ব্যয় হোৱা ধনক লৈ বিজেপিয়ে আৰম্ভ কৰিছিল প্ৰচাৰ। কেৱল প্ৰচাৰেই নহয়, বিজেপিয়ে দাবী উত্থাপন কৰিলে কেজিৰৱালৰ পদত্যাগ।
বিজেপিৰ মতে অৰবিন্দ কেজৰিৱাৰ চৰকাৰী বাসভৱনৰ সৌন্দৰ্যবৰ্ধনৰ বাবে মুঠ ৪৫ কোটি টকা ব্যয় কৰা হৈছে। বিজেপিৰ এই দাবীৰ প্ৰত্যুত্তৰত আম আদমী পাৰ্টীয়ে ক’লে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বাসভৱন চেণ্ট্ৰেল ভিষ্টা প্ৰজেক্টৰ।
দিল্লীৰ বিজেপিৰ সভাপতি বীৰেন্দ্ৰ সচদেৱে এক বিবৃতি জাৰি কৰি দাবী কৰিছিল যে, যি সময়ত দিল্লীয়ে কোভিড-১৯ ৰ বিৰুদ্ধে যুঁজ দি আছিল সেই সময়ত কেজৰিৱালে তেওঁৰ চৰকাৰী বাংলোৰ সৌন্দৰ্যবৰ্ধনৰ বাবে ৪৫ কোটি টকা খৰচ কৰিছিল। এই বিবৃতিত তেওঁ কয়, অৰবিন্দ কেজৰিৱালে জনগণক এই বিষয়ে উত্তৰ দিব লাগিব।
কোৰোনাৰ সময়ত যেতিয়া সকলো ধৰণৰ চৰকাৰী, বেচৰকাৰী নিৰ্মাণকাৰ্য বন্ধ আছিল তেতিয়াই ৪৫ কোটি টকা খৰচ কৰিছিল সৌন্দৰ্যবৰ্ধনৰ বাবে। গেৰুৱা শিবিৰৰ ফালৰ পৰা এই সন্দৰ্ভত যি নথি-পত্ৰ দেখুওৱা হৈছে তাত দেখা গৈছে মুঠ ব্যয় হৈছে ৪৪ কোটি ৭৮ লাখ টকা।
ইয়াৰে ১১.৩০ কোটি টকাই ব্যয় কৰা হৈছে সাজসজ্জাৰ বাবে। বাকীখিনি ধন শিল, মাৰ্বল, ইলেট্ৰিকেল ফিটিংছ, অগ্নি নিৰ্বাপক ব্যৱস্থা আদিৰ নামত খৰচ কৰা হৈছে।
বিজেপি সভাপতিগৰাকীৰ মতে কেজৰিৱাল কোনো ঘৰত নাথাকে। কেজৰিৱাল থাকে আয়নাৰ মহলত। অৱশ্যে বিজেপিৰ এই দাবীৰ পিছতেই আপে বিজেপিক উভতি ধৰিছে।
দলটোৰ ফালৰ পৰা টুইট কৰি প্ৰধানমন্ত্ৰীৰ বাসভৱনৰ খৰচৰ প্ৰসংগ টানি আনিছে। আপৰ দাবী প্ৰধানমন্ত্ৰীৰ বাসভৱনৰ নামত খৰচ কৰা হৈছে ৫০০ কোটি টকা। চেণ্ট্ৰেল ভিষ্টা প্ৰজেক্টৰ নামত খৰচ কৰা হৈছে ২৩ হাজাৰ কোটি।
ইয়াৰোপৰি প্ৰধানমন্ত্ৰী মোডীয়ে ব্যৱহাৰ কৰা বিমানৰ নামত ৮ হাজাৰ ৪০০ কোটি, কাৰৰ নামত ১২ কোটি, কলমৰ নামত ১.২৫ লাখ, ছ্যুটৰ নামত ১০ লাখ, ছান গ্লাছৰ নামত ১.৬ লাখ টকা খৰচ কৰিছে বুলিও উল্লেখ কৰিছে। আনহাতে যেতিয়া দেশে কোৰোনাৰ সৈতে যুঁজি আছিল তেতিয়া নৰেন্দ্ৰ মোডীয়ে বেংগলত ৰেলী কৰি আছিল বুলিও কৈছে আপে।
বিজেপিয়ে উত্থাপন কৰা অভিযোগৰ প্ৰত্যুত্তৰত আপে যিবোৰ তথ্য দিলে সেই তথ্যই এতিয়া বিজেপিকেই বিপদত পেলোৱাটো নিশ্চিত হৈছে। যেন দলটোৱে দেহত থকা শুকান ঘাঁ পুনৰ সজোৱাই ল'লে।
कोरोना महामारी में फ़र्ज़ी फकीर की रईसी-
Central Vista: 23000 Crore
PM निवास: 500 Cr
मौजूदा निवास की मरम्मत: 90 Cr
जहाज: 8400 Cr
Car: 12 Cr
Pen: 1.25 Lakh
Suit: 10 Lakh
Sunglass: 1.6 Lakh
जब देश कोरोना से जूझ रहा था PM Modi Bengal में रैली कर Corona फैला रहे थे
-@SanjayAzadSln pic.twitter.com/0yx5YG5ues— AAP (@AamAadmiParty) April 26, 2023
Also Read: নৰেন্দ্ৰ মোডীৰ বিকল্প হ'ব নোৱাৰে গান্ধি পৰিয়াল ! দুই সফল মুখ্যমন্ত্ৰীৰ এজন হ'ব বিকল্প....