যুৱ-প্ৰজন্মৰ সুন্দৰ ভৱিষ্যতৰ বাবে বিজেপিয়ে কৰিব সজাগতা সৃষ্টি...

সুৰা কেলেংকাৰীৰ অভিযোগত দিল্লীৰ উপ মুখ্যমন্ত্ৰী গ্ৰেপ্তাৰ হোৱাৰ পাছতেই বিভিন্ন দল সংগঠনে ইয়াক আদৰণি জনাইছে।

author-image
Asomiya Pratidin
New Update
যুৱ-প্ৰজন্মৰ সুন্দৰ ভৱিষ্যতৰ বাবে বিজেপিয়ে কৰিব সজাগতা সৃষ্টি...

ডিজিটেল ডেস্ক: সুৰা কেলেংকাৰীৰ অভিযোগত দিল্লীৰ উপ মুখ্যমন্ত্ৰী গ্ৰেপ্তাৰ হোৱাৰ পাছতেই বিভিন্ন দল সংগঠনে ইয়াক আদৰণি জনাইছে। বিজেপিয়ে কয় যে, আপে সুৰাৰ দোকান বৃদ্ধি কৰাৰ অনুমতি প্ৰদান কৰি দিল্লীত যুৱসকলৰ ভৱিষ্যতৰ সৈতে লৰা ধেমালি কৰি আছে। এই ষড়যন্ত্ৰ সম্পৰ্কে দিল্লীত সজাগতা সৃষ্টি কৰিব আপে।

Advertisment

দিল্লীত বিজেপিৰ মুখ্য কাৰ্যালয়ত মঙলবাৰে বিজেপিয়ে এক সংবাদমেল সম্বোধন কৰে। দলটোৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ সুধাংশু ত্ৰিবেদীয়ে কয় যে নতুন ৰাজনীতিৰ সমৰ্থকসকলে এনে পদক্ষেপ লোৱাৰ পৰা বিৰত নাথাকিল যিয়ে দিল্লীৰ যুৱ প্ৰজন্মক ধ্বংসৰ গৰাহলৈ ঠেলি দিছে।

তেওঁ কয় যে বিজেপিয়ে ইয়াৰ বিৰুদ্ধে সজাগতা সৃষ্টি কৰিব।তেওঁ কয় যে আমাৰ বাবে, ই কেৱল দুৰ্নীতিৰ বিষয় নহয়, ই দিল্লীৰ যুৱসকলৰ ভৱিষ্যতৰ সৈতে জড়িত।

ত্ৰিবেদীয়ে উপ মুখ্যমন্ত্ৰী মনীষ চিছোদিয়া সন্দৰ্ভত কটাক্ষ কৰি কয় যে , শিক্ষা মন্ত্ৰী আৰু সুৰা মন্ত্ৰী একে হোৱাটো আচৰিত কথা। সুৰা কেলেংকাৰী সন্দৰ্ভত গ্ৰেপ্তাৰ হৈছিল ছিচদিয়া।

Also Read: বায়েকৰ ঘৰলৈ আহিছিল ফুৰিবলৈ, ভিনিয়েকৰ দাৰ ঘাপত প্ৰাণ গ'ল ৰেখাৰ...

bjp aap