বায়েকৰ ঘৰলৈ আহিছিল ফুৰিবলৈ, ভিনিয়েকৰ দাৰ ঘাপত প্ৰাণ গ'ল ৰেখাৰ...

ৰেখা শ্যাম নামৰ এগৰাকী মহিলাক(৪৫) তেওঁৰে ভিনিয়েক সজ্জন পালে এখন দাৰে উপৰ্যুপৰি ঘপিয়াই ঘপিয়াই হত্যা কৰে।

author-image
Asomiya Pratidin
New Update
বায়েকৰ ঘৰলৈ আহিছিল ফুৰিবলৈ, ভিনিয়েকৰ দাৰ ঘাপত প্ৰাণ গ'ল ৰেখাৰ...

ডিজিটেল সংবাদ, বেকাজানঃ মঙলবাৰে বিয়লি বৰহোলা পহুকটীয়া শ্যাম গাঁওত এক লোমহৰ্ষক হত্যাকাণ্ড সংঘটিত হয়। জানিব পৰা মতে ৰেখা শ্যাম নামৰ এগৰাকী মহিলাক(৪৫) তেওঁৰে ভিনিয়েক সজ্জন পালে এখন দাৰে উপৰ্যুপৰি ঘপিয়াই ঘপিয়াই হত্যা কৰে।

উল্লেখযোগ্য যে ৰেখা শ্যামে আজি বিয়লি বায়েকৰ ঘৰলৈ ফুৰিবলৈ আহিছিল । চাহ বাকী খাই থকা অৱস্থাতে কিছুদিন পৰা মানসিকভাৱে অসুস্থ হৈ থকা সজ্জন পালে এখন দা লৈ খুলশালীয়কক চোচা লৈ কাটিবলৈ খেদি যায় । প্ৰথম অৱস্থাত ৰেখা শ্যামক বচাবলৈ বায়েকে চেষ্টা কৰিছিল যদিও সজ্জন পালে পত্নীকো হত্যা চেষ্টা কৰিছিল যদিও পলাই সাৰে ।

ইয়াৰ পিছত স্বসজ্জন পালে পুনৰ খুলখালিয়ক পথাৰলৈ খেদি নি দাৰে ঘপিয়াই হত্যা কৰে । ইয়াৰ পিছত পত্নীয়ে এখন কটাৰীৰে আক্ৰমণ কৰাত স্বামী সজ্জন পাল সংকটজনক হৈ পৰে। হত্যাকাণ্ডৰ কাৰণ এতিয়াও জানিব পৰা নাই ।

এই ঘটনাৰ পাছতে বৰহোলা আৰু তিতাবৰ আৰক্ষী উপস্থিত হয় হত্যাকাৰী সজ্জন পালক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত অৱস্থাত পোৱাত আৰক্ষীয়ে সংকটজনক অৱস্থাত যোৰহাটৰ মেডিকেল কলেজলৈ প্ৰেৰণ কৰে । কিন্তু হত্যাৰ অভিযুক্ত সজ্জন পালৰ মৃত্যু হয়। ঘটনাস্থলীত তিতাবৰ আৰু বৰহোলা আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে । ইফালে হত্যাকাণ্ডটোক কেন্দ্ৰ কৰি চেপা উত্তেজনা বিৰাজ কৰে ।

Also Read: বিদেশী আন্দোলনৰ নীৰৱ কৰ্মী তথা ৮০ ৰ দশকৰ জনপ্ৰিয় ক্ষুদ্ৰ ব্যৱসায়ী পুতু দোকানী আৰু নাই

crime Assam police