/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/3c694f1f-0df7-405e-ada9-86b1e7c57d75/fggffg.jpg)
ডিজিটেল ডেস্কঃ সোমবাৰে ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ সময়তে নয়ডাৰ ওচৰৰ এটা ঐতিহাসিক মন্দিৰত প্ৰথমবাৰৰ বাবে স্থাপন কৰা হ'ল ৰামৰ মূৰ্তি। এই মন্দিৰটোত আগৰে পৰা ৰাৱণৰ পূজা কৰি অহা হৈছিল। এই মন্দিৰটো আছে বিছৰখ গাঁৱত। এই স্থানটোক স্থানীয় লোকসকলে ৰাৱণৰ জন্মস্থান বুলি বিশ্বাস কৰে।
মন্দিৰৰ মুখ্য পুৰোহিত মহন্ত ৰামদাসে কয়, " প্ৰথমবাৰৰ বাবে মন্দিৰৰ চৌহদত ভগৱান ৰাম, সীতাজী আৰু লক্ষ্মণজীৰ মূৰ্তি সম্পূৰ্ণ ৰীতি-নীতিৰে স্থাপন কৰা হৈছে। মূৰ্তিবোৰ ৰাজস্থানৰ পৰা অনা হৈছে।
এই গাঁৱখনৰ কথা শিৱপুৰাণতো উল্লেখ আছে। মান্যতা যে, এই গাঁৱত ৰাৱণৰ জন্ম হৈছিল। গাঁওখনৰ নাম বিশ্ৰৱা ঋষি নামৰ আধাৰত ৰখা হৈছিল। এই গাঁৱতে আছে ৰাৱণৰ মন্দিৰ। কেতিয়াও ইয়াৰ আগতে এই গাঁৱত ৰামৰ পূজা হোৱা নাছিল।
কিন্তু এতিয়াৰে পৰা এই মন্দিৰত হ'ব ৰামৰ পূজা। অযোধ্যাৰ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ শুভ সময়তে ইয়াত স্থাপন কৰা হয় ৰামৰ মূৰ্তি।
Also Read: আমাক যিমান অত্যাচাৰ কৰিব সিমানেই শক্তিশালী হৈ যামঃ গৌৰৱ গগৈ