/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/cb663ef0-8de1-4ebb-a0bc-4dc103671de2/AP_FOR_WEB_rahul.jpg)
ডিজিটেল ডেস্কঃ ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাত অপ্ৰীতিকৰ পৰিস্থিতি। খানাপাৰত এই যাত্ৰাৰ সময়ত হাজাৰ হাজাৰ মানুহে ভিৰ কৰে। ন্যায় যাত্ৰাত অংশ লোৱাসকলৰ ওপৰত লাঠীচাৰ্জ কৰে অসম আৰক্ষীয়ে।
আৰক্ষীয়ে দিয়া বেৰিকেড ভাঙি পেলাই অংশগ্ৰহণকাৰীয়ে। যাৰ বাবে আৰক্ষীয়ে লাঠীচালনা কৰে। লগে লগে অংশগ্ৰহণকাৰী সকলে বিজেপি চৰকাৰ, অসম আৰক্ষী হায় হায় ধ্বনিৰে পৰিস্থিতি উত্তপ্ত কৰি তোলে।
ইয়াৰ পাছতে কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে কয় যে, আজি আমি সকলোৱে শান্তি প্ৰিয়ভাৱে আমি গুৱাহাটীৰ মাজেদি যাব বিচাৰিছিলো। এই ৰাস্তাৰ দ্বাৰা জেপি নাড্ডাক যাবলৈ গৈছিল, বজৰং দল গৈছিল। কিন্তু যেতিয়া আমি যাব বিচাৰো যাব দিয়া নাই। এই অন্যায় আমি সহ্য নকৰো। সংবিধানে যি অধিকাৰ দিছে আমি লম।
কিন্তু আমি পৰিবেশ বেয়া কৰিব বিচৰা নাই। অসম আৰক্ষীক অনুৰোধ জনাইছো আই-মাতৃ, বৃদ্ধ সকলো আছে ইয়াত। সকলোকে সুৰক্ষিতভাৱে যাবলৈ দিয়ক। সংঘাত বিচৰা নাই। মই এইখন মঞ্চৰ পৰা হিমন্ত বিশ্ব শৰ্মা , অমিত শ্বাহত ক'ব বিচাৰিছো আমাৰ ওপৰত যিমান অত্যাচাৰ চলাব আমি শক্তিশালী হৈ যাম।
ইয়াৰ পাছতে ৰাহুল গান্ধীয়ে কয় যে, আমি ইয়াৰ বেৰিকেড ভাঙি পেলাই দিছো। কিন্তু আমি আইন ভংগ নকৰো। প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰীৰ দৰে কংগ্ৰেছে আইন ভংগ নকৰে। কিন্তু নাভাবিব আমি দুৰ্বল বুলি। এয়া কংগ্ৰেছ কৰ্মীৰ শক্তি।
Also Read: কাজিৰঙাত যন্ত্ৰনাত ছটফটাইছে এটা হাতীয়ে
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us