ভগৱান বীৰছা মুণ্ডাৰ জন্ম জয়ন্তীত প্ৰধানমন্ত্ৰী, ৰাষ্ট্ৰপতিৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন...

আজি ভাৰতৰ স্বাধীনতা সংগ্ৰামী ভগৱান বীৰছা মুণ্ডাৰ জন্ম জয়ন্তী
BIRSA MUNDA
BIRSA MUNDA

ডিজিটেল ডেস্ক : আজি ভাৰতৰ স্বাধীনতা সংগ্ৰামী ভগৱান বীৰছা মুণ্ডাৰ জন্ম জয়ন্তী। ঊনবিংশ শতিকাৰ শেষৰ ফালে ব্ৰিটিছ শাসনকালত তেওঁ আধুনিক বিহাৰ আৰু ঝাৰখণ্ডৰ জনজাতীয় অঞ্চলত ভাৰতীয় জনজাতীয় লোকসকলক গণসংগ্ৰামৰ নেতৃত্ব দিছিল।

তেখেতৰ জন্ম জয়ন্তীত ৰাষ্ট্ৰপতি দ্ৰৌপাদী মূৰ্মুৱে মঙলবাৰে ঝাৰখণ্ডত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ৰাষ্ট্ৰপতি মূৰ্মুয়ে মুণ্ডাৰ জন্মস্থানত ঝাৰখণ্ডৰ উলিহাটো গাঁৱত তেখেতৰ প্ৰতিমূৰ্তিৰ আগত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ঝাৰখণ্ডৰ ৰাজ্যপাল ৰমেশ বাইছ আৰু মুখ্যমন্ত্ৰী হেমন্ত সোৰেন শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত থাকে।

এক টুইটযোগে ৰাষ্ট্ৰপতিয়ে কয় যে, "জনজাতীয় গৌৰৱ দিৱসত সহ-নাগৰিকসকলক, বিশেষকৈ জনজাতীয় সমাজৰ ভাই-ভনীসকলক মোৰ শুভেচ্ছা। জনজাতীয় সম্প্ৰদায়সমূহে তেওঁলোকৰ কলা, শিল্প কলা আৰু কঠোৰ পৰিশ্ৰমেৰে দেশৰ জীৱন সমৃদ্ধ কৰিছে। তেওঁলোকৰ জীৱন শৈলীয়ে বিশ্বক প্ৰকৃতিৰ প্ৰতিপালনৰ শিক্ষা প্ৰদান কৰে।"

উল্লেখ্য যে স্বাধীনতা সংগ্ৰামী বীৰছা মুণ্ডাক ঝাৰখণ্ড তথা আদিবাসী লোকসকলে ভগৱান হিচাপে গণ্য কৰে। সেয়ে তেখেতক ভগৱান বিৰচা মুণ্ডা বুলি জনা যায়। আনহাতে, তেখেতৰ জন্ম জয়ন্তীৰ উপৰিও আজি ঝাৰখণ্ডৰ প্ৰতিষ্ঠা দিৱস।

আন এটা টুইটত ৰাষ্ট্ৰপতি মূৰ্মুৱে কয় যে - "জনজাতীয় সম্প্ৰদায়সমূহে স্বাধীনতা সংগ্ৰামত যথেষ্ট অৱদান আগবঢ়াইছে। মই সকলো জনজাতীয় স্বাধীনতা সংগ্ৰামী আৰু অখ্যাত নায়কসকলক নমস্কাৰ জনাইছো। স্বাধীনতাৰ পিছৰ পৰা দেশৰ যাত্ৰাত জনজাতীয় লোকসকলৰ অৱদান কম গুৰুত্বপূৰ্ণ নহয়। তেওঁলোকৰ বিকাশ আৰু সমৃদ্ধিৰ বাবে মোৰ শুভেচ্ছা।"

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়েও বীৰছা মুণ্ডাক তেখেতৰ জন্ম জয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে আৰু স্বাধীনতা আন্দোলনক তীক্ষ্ণ প্ৰান্ত প্ৰদান কৰা আৰু জনজাতীয় সমাজৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ বাবে যুঁজ দিয়াত তেওঁৰ অৱদানৰ কথা স্মৰণ কৰে আৰু তেওঁক "দেশৰ মহান পুত্ৰ" বুলি অভিহিত কৰে।

বীৰছা মুণ্ডাক "দেশৰ মহান পুত্ৰ" বুলি অভিহিত কৰি প্ৰধানমন্ত্ৰী মোডীয়ে কয়, "আজি সমগ্ৰ দেশে ভক্তি আৰু সন্মানৰ সৈতে ভগৱান বিৰচা মুণ্ডাৰ জন্ম জয়ন্তী উদযাপন কৰি আছে। মই মহান পুত্ৰ, দেশৰ মহান বিপ্লৱী ভগৱান বিৰচা মুণ্ডাৰ সন্মুখত সন্মানসহকাৰে নমস্কাৰ জনাইছো।"

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in