তীব্ৰ গতিৰে আহি আছে 'বিপৰ্যয়',বাঢ়ি আছে বতাহৰ গতিবেগ

তীব্ৰ গতিৰে আহি আছে 'বিপৰ্যয়',বাঢ়ি আছে বতাহৰ গতিবেগ

ডিজিটেল ডেস্কঃ বিপৰ্যয় ঘূৰ্ণী বতাহৰ বেগ তীব্ৰগতিত বৃদ্ধি পাই আছে। আৰৱ সাগৰত সৃষ্টি হৈছে এই ঘূৰ্ণী বতাহৰ। এই ধুমুহা টো এই বছৰৰ প্ৰথম ঘূৰ্ণীবতাহ।এই ঘূৰ্ণী বতাহ মধ্য আৰৱ সাগৰত বিগত ৬ ঘন্টাৰ ভিতৰত ৫ কিলোমিটাৰ প্ৰতিঘন্টা বেগত উত্তৰলৈ গতি কৰি আছে। ৮ জুনত বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে এই তথ্য।

বিপৰ্যয় ঘূৰ্ণী বতাহ আগন্তুক ৪৮ ঘন্টাৰ ভিতৰত তীব্ৰতৰ হ'ব আৰু আগন্তুক ৩ দিনৰ ভিতৰত উত্তৰ-পশ্চিম দিশলৈ আহিব। এই সময়চোৱাত ১১৮ কিলোমিটাৰ প্ৰতিঘন্টাৰ পৰা ১৬৬ কিলোমিটাৰ প্ৰতি ঘন্টালৈ এই বতাহৰ বেগ হোৱাৰ সম্ভাৱণা আছে।

বতৰ বিজ্ঞান কেন্দ্ৰই জনোৱা অনুসৰি উত্তৰত প্ৰৱেশ কৰাৰ লগে লগে এই বতাহৰ গতি বৃদ্ধি পাব।তাৰপাছত আগন্তুক ৩ দিন উত্তৰ-পশ্চিম দিশত এই বতাহ আগবাঢ়িব।

তীব্ৰ গতিৰে আহি আছে 'বিপৰ্যয়',বাঢ়ি আছে বতাহৰ গতিবেগ
লিভ-ইন সম্পৰ্কঃ প্ৰেয়সীক হত্যা কৰি টুকুৰা-টুকুৰ কৰিলে মৃতদেহ, পিছত সিজালে কুকাৰত

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in