নিৰ্মম! ধূমপান কৰাৰ বাবেই ছাত্ৰক মৰিয়াই মৰিয়াই হত্যা কৰিলে শিক্ষকে...

নিৰ্মম! ধূমপান কৰাৰ বাবেই ছাত্ৰক মৰিয়াই মৰিয়াই হত্যা কৰিলে শিক্ষকে...

ডিজিটেল ডেস্কঃ শিক্ষকৰ নিৰ্মম প্ৰহাৰত প্ৰাণ গ'ল এগৰাকী ১৫ বছৰীয়া কিশোৰৰ। ৰাজহুৱা স্থানত কিশোৰজনে ধূমপান কৰাৰ বাবে শিক্ষকে অতি নিৰ্দয়ভাৱে প্ৰহাৰ কৰে ছাত্ৰজনক। যাৰ বাবে কিশোৰগৰাকীৰ মৃত্যু হোৱাৰ অভিযোগ উত্থাপন হৈছে।

এই ঘটনা সংঘটিত হৈছে বিহাৰত। ঘটনাৰ বিৱৰণী অনুসৰি শনিবাৰে দশম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰগৰাকীয়ে ৰাজহুৱা স্থানত ধূমপান কৰি আছিল। তেতিয়াই ছাত্ৰগৰাকীক দেখা পাই তেওঁ অধ্যয়ন কৰা বিদ্যালয়খনৰ অধ্যক্ষ বিজয় কুমাৰ যাদৱে । "মধুবন ৰাইজিং ষ্টাৰ প্ৰেপ স্কুল"ৰ অধ্যক্ষ গৰাকীৰ লগত আছিল আন এগৰাকী শিক্ষক।

তাৰপাছতে তেওঁলোকে ছাত্ৰগৰাকীৰ পিতৃক ফোন কৰি সৱিশেষ জনায়। ছাত্ৰগৰাকীৰ পিতৃ পঞ্জাৱত শ্ৰমিক হিচাপে কাম কৰে।

ছাত্ৰগৰাকীৰ পৰিয়ালে অভিযোগ কৰা অনুসৰি শিক্ষকজনে কিশোৰজনক বিদ্যালয়লৈ আনি বেল্টেৰে প্ৰহাৰ কৰে। যেতিয়া ছাত্ৰ গৰাকী অচেতন হৈ পৰে তেতিয়া তেওঁক হস্পাতাললৈ প্ৰেৰণ কৰা হয়। কিন্তু পৰৱৰ্তী সময়ত মৃত্যু হয় ছাত্ৰ গৰাকীৰ।

ছাত্ৰ গৰাকীৰ পৰিয়ালে অভিযোগ উত্থাপন কৰা মতে ছাত্ৰগৰাকীৰ শৰীৰৰ বিভিন্ন ঠাইত আঘাতৰ চিন থকাৰ লগতে গুপ্তাংগৰ পৰাও তেজ নিৰ্গত হৈ আছিল। ছাত্ৰ গৰাকীৰ মাতৃ আৰু পিতৃয়ে ইতিমধ্যে ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কৰিছে।আনহাতে আৰক্ষীয়ে ছাত্ৰগৰাকীৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰি তদন্ত অব্যাহত ৰাখিছে।

নিৰ্মম! ধূমপান কৰাৰ বাবেই ছাত্ৰক মৰিয়াই মৰিয়াই হত্যা কৰিলে শিক্ষকে...
দুখন বাছৰ মুখামুখি সংঘৰ্ষ: বিয়াৰ পৰা উভতি আহোতেই একেটা পৰিয়ালৰে ৭ জন সহ ১২ জন নিহত

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in