নীতিশক লৈ পুনৰ অস্থিৰ বিহাৰৰ ৰাজনীতিঃ বিপদত বিজেপি !

নীতিশক লৈ পুনৰ অস্থিৰ বিহাৰৰ ৰাজনীতিঃ বিপদত বিজেপি !
নীতিশক লৈ পুনৰ অস্থিৰ বিহাৰৰ ৰাজনীতিঃ বিপদত বিজেপি !

ডিজিটেল ডেস্কঃ পুনৰ অস্থিৰ হৈ পৰিছে বিহাৰৰ ৰাজনীতি। নিশাৰ ভিতৰতে 'মহাগঠবন্ধন' ত্যাগ কৰি এন ডি এ শিবিৰত যোগদানেৰে নৱম বাৰৰ বাবে বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰা নীতিশ কুমাৰক কেন্দ্ৰ কৰি পুনৰ ৰাজ্যখনত সৃষ্টি হৈছে ৰাজনৈতিক অস্থিৰ পৰিৱেশ।

নীতিশ কুমাৰে ডেৰ বছৰীয়া মহাগঠবন্ধনৰ চৰকাৰ ভংগ কৰি বিজেপিত চামিল হৈ পুনৰ চৰকাৰ গঠন কৰিলেও এন ডি এৰ মিত্ৰদল এল জে পিৰ মুৰব্বী চিৰাগ পাছোৱান সন্তুষ্ট নহয়। পূৰ্বৰে পৰা নীতিশ কুমাৰৰ তীক্ষ্ণ সমালোচক চিৰাগ পাছোৱান নীতিশৰ 'প্ৰত্যাৱৰ্তন'ৰ পিছতে এতিয়া লোকসভা নিৰ্বাচনক কেন্দ্ৰ কৰি ৰণ নীতি সাজু কৰিছে। চিৰাগৰ এই ৰণ নীতিত এতিয়া বিপদত পৰিছে বিজেপি।

খবৰ অনুসৰি চিৰাগ পাছোৱানে নীতিশক কেন্দ্ৰ কৰি বিজেপি নেতৃত্বক কিছু চৰ্তৰ বিষয়ে অৱগত কৰিছে। চিৰাগে আগন্তুক লোকসভা নিৰ্বাচনত বিহাৰৰ আসনক কেন্দ্ৰ কৰি আৰম্ভ কৰিছে তেওঁৰ নিৰ্বাচনী ৰণ নীতি।

তেওঁ বিজেপিৰ শীৰ্ষ নেতৃত্বক জনাই দিছে, লোকসভা নিৰ্বাচনত নিয়ম মাফিক কেইখনমানহে আসন নীতিশ কুমাৰক এৰি দিয়া হ'ব। উল্লেখ্য, ২০১৯ চনৰ লোকসভা নিৰ্বাচনত বিহাৰৰ মুঠ আসনৰ বিপৰীতে বিজেপিয়ে প্ৰতিদ্বন্দিতা কৰিছিল মাত্ৰ ১৭ খন আসনত।

৬ খন আসন দখল কৰিছিল চিৰাগ পাছোৱানৰ এল জে পিয়ে। সেইবাৰ অৱশ্যে বিজেপিয়ে ২২ খন আসনত প্ৰতিদ্বন্দিতা কৰিবলৈ আগ্ৰহ কৰিছিল যদিও আসন বুজাবুজিৰ পাছত নীতিশৰ দাবী মানি লৈ ৫ খন আসন এৰি দিবলৈ বাধ্য হৈছিল।

এইবাৰ বিজেপিয়ে যদি তেওঁলোকৰ দখলত থকা ১৭ খন আসনতেই প্ৰতিদ্বন্দিতা কৰিব বিচাৰে তেন্তে নীতিশ কুমাৰৰ জে ডি ইউৰ দখলত থকা কেইখনমান আসন এৰি দিব লাগিব। চিৰাগে বিচাৰিছে, এইবাৰ নীতিশ কুমাৰে তেওঁৰ সমৰ্পিত মনোভাৱৰ প্ৰদৰ্শন কৰক। উদাৰতা দেখুৱাব লাগিব তেওঁ।

নীতিশ কুমাৰে ক্ষমতাৰ স্বাৰ্থত এন ডি এ ত্যাগ কৰি মহাগঠনবন্ধনৰ চৰকাৰ গঠন কৰিছিল। এল জে পি কিন্তু এন ডি এৰ সৈতেই আছিল। সেয়ে এল জে পিয়ে এইবাৰ নিজৰ দখলত থকা ৬ খন আসনৰ উপৰিও মুঠ ২৩ খন আসনত প্ৰতিদ্বন্দিতা কৰিবলৈ প্ৰস্তুত হৈছে।

সেয়ে নীতিশে এল জে পিক তেওঁলোকৰ দখলত থকা বহু কেইখন আসন এৰি দিব লাগিব। যদিহে নীতিশে তেনে নকৰে তেন্তে বিজেপিয়ে এল জে পিৰ বাবে আসন ত্যাগ কৰিব লাগিব।

সেয়ে এতিয়া বিপদত পৰিছে বিজেপি। এল জে পিৰ দখলত লোকসভাৰ আসনৰ সংখ্যা মাত্ৰ ৬ খন যদিও দলটোৰ গণভিত্তি আছে। অংক নিমিলিলে চিৰাগৰ এল জে পিয়ে যদি এন ডি এ ত্যাগ কৰে তেন্তে যি অংকৰে 'বিশ্বাসঘাটক' নীতিশৰ সৈতে পুনৰ মিত্ৰতা স্থাপন কৰিছে সেই অংকত যে চেঁচা পানী পৰিব সেয়া নিশ্চিত।

কিয়নো এল জে পি এন ডি এৰ বিপক্ষে যোৱা মানেই এন ডি এৰ দখলত থকা সমষ্টিসমূহৰ ভোট বিভাজন হোৱাটো নিশ্চিত। এনে বিভাজনত এল জে পিৰ বহুত বেছি লাভ ন'হলেও বিজেপি, জে ডি ইউৰ যে ভাবিব নোৱাৰা ধৰণে ক্ষতি হ'ব সেয়া নিশ্চিত বুলি বুজি পাইছে বিজেপিৰ শীৰ্ষ নেতৃত্বই।

নীতিশক লৈ পুনৰ অস্থিৰ বিহাৰৰ ৰাজনীতিঃ বিপদত বিজেপি !
প্ৰধানমন্ত্ৰীৰ আগমনক লৈ সমষ্টিয়ে সমষ্টিয়ে তৎপৰ বিজেপি দল

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in