আজিয়েই ভংগ হ'ব পাৰে বিহাৰৰ চৰকাৰৰ ! দেওবাৰে নতুন চৰকাৰৰ শপত লোৱাৰ সম্ভাৱনা...

আজিয়েই ভংগ হ'ব পাৰে বিহাৰৰ চৰকাৰৰ ! দেওবাৰে নতুন চৰকাৰৰ শপত লোৱাৰ সম্ভাৱনা...
আজিয়েই ভংগ হ'ব পাৰে বিহাৰৰ চৰকাৰৰ ! দেওবাৰে নতুন চৰকাৰৰ শপত লোৱাৰ সম্ভাৱনা...

ডিজিটেল ডেস্কঃ আজিয়েই ভংগ হ'ব পাৰে বিহাৰৰ চৰকাৰ। মুখ্যমন্ত্ৰী নীতিশ কুমাৰে আজি ৰাজ্যখনৰ ৰাজ্যপালক পদত্যাগ পত্ৰ দাখিল কৰি ডেৰ বছৰীয়া মহাগঠবন্ধনৰ চৰকাৰৰ ইতি পেলোৱাৰ সম্ভাৱনা আছে।

যোৱা প্ৰায় কেইবাটাও দিনত বিহাৰৰ ৰাজনীতিয়ে দেশৰ ৰাজনীতিক গৰম কৰি ৰাখিছে। বিহাৰৰ জে ডি ইউ, আৰ জে ডি, কংগ্ৰেছ আৰু বাওঁদলৰ মহগঠবন্ধনৰ পৰা আঁতৰি নীতিশ কুমাৰ পুনৰ এন ডি এত চামিল হ'ব বুলি চৰ্চা অব্যাহত আছে।

চৰ্চা অনুসৰি ২৮ জানুৱাৰী, দেওবাৰেই বিহাৰত নীতিশ কুমাৰৰ নেতৃত্বত গঠন হ'ব এন ডি এৰ চৰকাৰ। জে ডি ইউৰ বিধায়ক গোপাল মণ্ডলে অভিযোগ কৰা মতে, মহাগঠবন্ধনৰ ভিতৰত তেওঁ প্ৰাপ্য সন্মান লাভ কৰা নাই। সেয়ে তেওঁ আৰ জে ডি, কংগ্ৰেছ, বাওঁ দলৰ সংগ ত্যাগ কৰি এন ডি এত পুুনৰ অন্তৰ্ভুক্ত হ'ব।

তেওঁ কয়, আমাৰ সন্মুখত অস্তিত্বৰ সংকটে দেখা দিছে। তেওঁ (নীতিশ কুমাৰ) আমাৰ নেতা। তেওঁ যিকোনো সিদ্ধান্ত ল'ব পাৰে। অৱশ্যে তেওঁ ব্যক্তিগতভাৱে বিজেপিত চামিল হ'বলৈ আগ্ৰহী নহয় বুলিও জনাইছে।

একেদৰে নীতিশ কুমাৰৰ ঘনিষ্ঠ সাংসদ সুনিল কুমাৰ পিণ্টুয়েও শনিবাৰে নীতিশ কুমাৰে মহাগঠবন্ধন ত্যাগ কৰি এন ডি এত চামিল হ'ব বুলি ইংগিত দিছে। তেওঁ কৈছে, মহাগঠবন্ধনৰ মুখ্যমন্ত্ৰী হ'লেও নীতিশ কুমাৰে স্বাধীনভাৱে কাম কৰাৰ সুযোগ লাভ কৰা নাই। বাৰে বাৰে বাধাৰ সন্মুখীন হৈছে তেওঁ।

অৱশ্যে নীতিশ কুমাৰক কাম কৰাত কোনে বাধা দিছে সেই কথা স্পষ্টকৈ উল্লেখ নকৰিলেও লালু প্ৰসাদ যাদৱৰ আৰ জে ডিৰেই ইংগিত দিছে। জে ডি ইউৰ বিধায়ক, সাংসদৰ এনে ভাষ্যৰ বিপৰীতে আৰ জে ডিৰ মুখপাত্ৰ মৃত্যুঞ্জয় তিৱাৰীয়ে অৱশ্যে মহাগঠবন্ধনত কোনো সমস্যা নাই বুলিহে উল্লেখ কৰিছে।

উল্লেখ্য যে, ২০১৪ চনৰ লোকসভা নিৰ্বাচনৰ সময়ত এন ডি এৰ প্ৰধানমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোডীৰ নাম ঘোষণা কৰাৰ পাছতে এন ডি এ ত্যাগ কৰিছিল নীতিশ কুমাৰে। ইয়াৰ এবছৰ পিছত অনুষ্ঠিত হোৱা বিহাৰ বিধানসভা নিৰ্বাচনত তেওঁ আৰ জে ডি আৰু কংগ্ৰেছৰ সৈতে মহাগঠবন্ধন গঠন কৰি চৰকাৰ গঠন কৰে।

কিন্তু প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱৰ পৰিয়ালৰ বিৰুদ্ধে উত্থাপিত হোৱা দুৰ্নীতিৰ অভিযোগেৰে তেওঁ এই মহাগঠবন্ধন ত্যাগ কৰি ২০১৭ ত পুনৰ বিজেপিৰ সৈতে মিত্ৰতা স্থাপন কৰি চৰকাৰ গঠন কৰে। ২০২০ ৰ বিধানসভাত এন ডি এৰ অংশীদাৰী দল হৈয়ে তেওঁ বিহাৰৰ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰে।

এই নিৰ্বাচনত তুলনামূলকভাৱে কম আসন পালেও বিজেপিৰ সহযোগত চৰকাৰ গঠন কৰি পুনৰ মুখ্যমন্ত্ৰী হয়। অৱশ্যে চৰকাৰ গঠন কৰিলেও পুনৰ বিজেপিৰে সংঘাট হোৱাত তেওঁ ২০২২ ত এন ডি এ ত্যাগ কৰি পুনৰ মহাগঠবন্ধনৰ অংশহৈ বিহাৰত চৰকাৰ গঠন কৰে। এই চৰকাৰৰ বয়স ডেৰ বছৰ হৈছে যদিও কাৰ্যকাল শেষ হোৱাৰ পূৰ্বেই ভংগ হোৱাটো প্ৰায় নিশ্চিত হৈছে।

আজিয়েই ভংগ হ'ব পাৰে বিহাৰৰ চৰকাৰৰ ! দেওবাৰে নতুন চৰকাৰৰ শপত লোৱাৰ সম্ভাৱনা...
দেওবাৰে বাজপেয়ী ভৱনত গেৰুৱা হ'ব প্ৰাক্তন কংগ্ৰেছী আৰু আছু নেতা !

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in